NORTHEAST NOW (Assamese)

আজি বিয়লি ৩ বজাৰ পৰা ম’বাইল ইণ্টাৰনেট সেৱা “বন্ধ প্ৰত্যাহাৰ” কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

December 17, 2019 2:13 pm · এন ই নাও নিউজ
Updated: December 17, 2019 5:02 pm
ফাইল ছবি।

ৰাজ্যখনত আজি বিয়লি ৩ বজাৰ ভিতৰত ম’বাইল ইণ্টাৰনেট সেৱাত “বন্ধ আৰোপ” প্ৰত্যাহাৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক।

ৰাজ্য চৰকাৰে আইন-শৃংখলাৰ দোহাই দি যোৱা এক সপ্তাহে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে, যাৰ ফলত উপাৰ্জনকে ধৰি অন্যান্য মানৱীয় সেৱাবোৰ ক্ষতিগ্ৰস্ত হৈছে।

ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাটো নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব বুলি অভিযোগ কৰি ন্যায়ালয়খনত লুইত কুমাৰ বৰ্মন নামৰ এজন লোকে আৱেদন দাখিল কৰিছিল।

নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে তীব্ৰ ৰূপ লোৱাৰ পিছতে ১১ ডিচেম্বৰত চৰকাৰে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰিছিল আৰু সেয়া অহা ১৮ ডিচেম্বৰলৈকে অব্যাহত থকাৰ কথা আছিল।

ছ’চিয়েল মিডিয়া যোগে প্ৰতিবাদকাৰীসকল অধিক সংঘবদ্ধ হোৱা আৰু হিংসা বিয়পাৰ শংকা কৰি চৰকাৰে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰা বুলি জানিবলৈ দিছিল।

আজি উবেৰ আৰু উলা টেক্সি সেৱাৰ ড্ৰাইভাৰসকলেও ম’বাইল ইণ্টাৰনেট সেৱা শীঘ্ৰেই পুনৰ মুকলি কৰিবলৈ চৰকাৰক দাবী জনাইছে আৰু অন্যথা প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ আহিব বুলি হুংকাৰ দিছে।

ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাত উপাৰ্জনৰ লগতে ইণ্টাৰনেট বেংকিং, চিকিৎসালয়ত থকা ৰোগী বা আত্মীয়ৰ সৈতে যোগাযোগ, ৰে’ল, গাড়ীৰ টিকট বুক কৰাকে ধৰি বিভিন্ন অসুবিধাই দেখা দিছে।

উল্লেখ কৰিব পাৰি যে জম্মু আৰু কাশ্মীৰত যোৱা ৪ মাহতকৈ অধিক সময় ধৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। প্ৰদেশখনৰ পৰা ৩৭০ অনুচ্ছেদৰ বিশেষ ব্যৱস্থা প্ৰত্যাহাৰ কৰা আৰু প্ৰদেশখনক দুটা স্বায়ত্তশাসিত অঞ্চলত ভাগ কৰাৰ পিছৰ পৰাই পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে কেন্দ্ৰীয় চৰকাৰে।

Related News