NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

June 17, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 17, 2025 8:18 pm

উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ তথা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ শৈক্ষিক, সাংস্কৃতিক, গৱেষণামূলক তথা বিভিন্ন দিশৰ অৱদানকসমূহক আগুৱাই নিয়াৰ অৰ্থে চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছশীৰ্ষক এটি পডকাষ্ট মুকলি কৰিছে । ১৮ জুন, ২০২৫ তাৰিখে সন্ধিয়া ৭:০০ বজাত বিশ্ববিদ্যালয়ৰ ফেচবুক আৰু ইউটিউব চেনেলত প্ৰচাৰ হবলগীয়া প্ৰথমটি অধ্যায়ত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত উপস্থিত থাকিব ।

উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই এই পদক্ষেপৰ প্ৰতি উৎসাহ প্ৰকাশ কৰি কয়, “এই পডকাষ্টে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চহকী সংস্কৃতিক বিশ্বদৰবাৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত এক বিশেষ মাধ্যম হিচাপে চিহ্নিত হৈ ৰব। ই আমাৰ শৈক্ষিক দিশ, সাংস্কৃতিক পৰম্পৰা আৰু আমাৰ শিক্ষাৰ্থী তথা অধ্যাপকৰ অৰ্থপূৰ্ণ কথা-বতৰাক উৎসাহিত কৰিব।তেওঁ লগতে উল্লেখ কৰে যে, “প্ৰথম খণ্ডটোত জৰিত হবলৈ পাই মই আনন্দিত হৈছো আৰু এই বিশেষ পদক্ষেপৰ অংশ হবলৈ সকলোকে আমন্ত্ৰণ জনাইছো।

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ‍্যে আৰম্ভ কৰা পডকাষ্ট ‘Chai, Chatters & Chapters’ ত পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতিৰ পৰা আৰম্ভ কৰি উদ্ভাৱনৰ দিশৰ অগ্ৰণী গৱেষণামূলক প্ৰচেষ্টাসমূহ অন্বেষণ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বৈচিত্ৰময় সংস্কৃতিৰো প্ৰতিফলন হব ।

ডকাষ্টৰ প্ৰতিটো অধ্যায়ত শৈক্ষিক দিশৰ উপৰিও বিশ্ববিদ্যালয়ৰ বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক ক্লাব, এন চি চি তথা এন এছ এছৰ অধীনৰ বিভিন্ন উন্নয়নমূলক বিষয়সমূহ সামৰি লোৱা হব। প্ৰাক্তন শিক্ষাৰ্থী, গৱেষক, প্ৰশাসক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ কণ্ঠক সন্নিবিষ্ট কৰা এই পডকাষ্টত সমাজবিজ্ঞানৰ পৰা বিজ্ঞানলৈকে, পদাৰ্থ বিজ্ঞানৰ পৰা মনোবিজ্ঞানলৈকে আৰু গৱেষণাৰ পৰা ইন্টাৰ্ণস্বিপলৈকে বিস্তৃত শৈক্ষিক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ্থীৰ বিকাশৰ বাবে কাম কৰাটোৱেই মূল লক্ষ্য হব।

উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ ভাৰত তথা দক্ষিণ-পূব এছিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পদক্ষেপক বিশেষ মঞ্চ প্ৰদান কৰাৰ অৰ্থে আৰম্ভ কৰা উক্ত পডকাষ্টত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু সাধাৰণ জনতাক সহযোগিতা আগবঢ়াবলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে ।

Related News