ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমশঃ স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্বিবদ্যালয়ে ছাত্ৰাৱাস আৰু ছাত্ৰীৱাসমূহ পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ২০২১ বৰ্ষৰ জানুৱাৰীৰ পৰা নতুন শিক্ষাৰ্থীসকলৰ বাবে বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ পুনৰ খোলাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত লকডাউন বলৱৎ কৰাৰ সময়ৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ আৱাসীক হোষ্টেলসমূহ বন্ধ হৈ আছে।
বিশ্বিবদ্যালয়খনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি নতুন শিক্ষা বৰ্ষৰ বাবে নামভর্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে অহা জানুৱাৰী মাহৰ পৰা হোষ্টেল পুনৰ খোলা হ’ব।
ইতিমধ্যে নতুনকৈ নামভৰ্তিৰ কৰা শিক্ষাৰ্থীসকলক হোষ্টেলৰ বাবে অনলাইন আবেদন কৰিবলৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আহ্বান জনাইছে। আৰু এই অনলাইন আবেদনৰ শেষ সীমা ধাৰ্য কৰা হৈছে ৩১ ডিচেম্বৰ ২০২০ৰ মাজনিশা।
ইতিপূৰ্বে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰাজ্য চৰকাৰে বলৱৎ কৰা কোভিড প্ৰটক’ল মানি বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে খোলা বুলিও জনাইছে।
ইফালে বৰ্তমান কেৱল প্ৰথম ষাণ্মাষিকৰ শিক্ষাৰ্থীসকলেহে হোষ্টেলৰ বাবে অনলাইন আবেদন কৰিব পাৰিব বুলি জনাইছে কৰ্তৃপক্ষই।