• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিত্তিহীন অভিযোগ, মুখ্যমন্ত্ৰীয়ে সংবাদমেলত দিব নোৱাৰিলে কোনো প্ৰমাণ; প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2026 2:48 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ চলাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে আন এখন দেশৰ সৈতে সম্পৰ্ক থকাৰ দাবীৰ প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে।

গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে মুখ্যমন্ত্রীৰ এদিন পূৰ্বে প্ৰায় আঢ়ৈ ঘণ্টীয়া সংবাদ মাধ্যমক সম্বোধনৰ সময়ত তেওঁৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ সমৰ্থনত কোনো প্রমাণ দাঙি ধৰিব পৰা নাছিল৷

Apply Now

গগৈয়ে কয়, ‘কালি আঢ়ৈ ঘণ্টীয়া সংবাদমেলত মুখ্যমন্ত্রীয়ে মই যে আন এখন দেশৰ এজেণ্ট বুলি প্রমাণ কৰিব পৰাকৈ কোনো প্রমাণ উত্থাপন কৰিব নোৱাৰিলে, তেওঁ কেবল আবোল-তাবোল কৈ থাকিল৷’

এই অভিযোগৰ সময় সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদন বিগত ছমাহ ধৰি চৰকাৰৰ সৈতে থকা বুলি উনুকিয়াই দিয়ে।

গগৈয়ে সোঁৱৰাই দিয়ে কয় যে মুখ্যমন্ত্ৰীয়ে পূৰ্বেও বিগত বৰ্ষৰ ১০ ছেপ্টেম্বৰত প্ৰতিবেদন ৰাজহুৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

‘যদি সঁচাকৈয়ে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়, তেন্তে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ছমাহ নিমাত আছিল? সত্যটো হ’ল তেওঁ গঠন কৰা এছ আই টিয়ে কোনো প্ৰমাণ বিচাৰি নাপালে।’

নিজৰ উদ্দেশ্য স্পষ্ট কৰি গগৈয়ে কয় যে তেওঁৰ সংবাদমেলখন কেৱল মুখ্যমন্ত্রীৰ মন্তব্যৰ প্রতিক্রিয়া নহয় বৰঞ্চ অসমবাসীক সম্বোধন কৰাৰ প্রচেষ্টাহে৷

‘মই ইয়াত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ অহা নাই। সংবাদ মাধ্যম আৰু অসমৰ ৰাইজৰ প্ৰতি সন্মানৰ বাবেই মই ইয়াত আহিছো, ৰাইজৰ সমস্যাৰ বিষয় উত্থাপন কৰিবলৈ মই ৰাজনীতিত আছো। তেওঁলোকে সিদ্ধান্ত লওক।’

মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ সময়ত তেওঁৰ সন্তানৰ সবিশেষ ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে ব্যক্তিগত আক্ৰমণৰ কথাটোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

‘তেওঁ ইমান নিম্ন গৈছিল যে মোৰ সন্তানৰ বিষয়ে তথ্য প্ৰকাশ কৰিছিল। তেওঁৰ সন্তানৰ বিষয়েও আমি জানো, কিন্তু আমি তেওঁলোকৰ বিষয়ে ক’ব নিবিচাৰো।

অভিযোগসমূহক ভিত্তিহীন আৰু মানহানিকাৰক আখ্যা দি গগৈয়ে কয় যে উচ্চতম ন্যায়ালয়ে বিষয়টোৰ প্ৰতি নিজাববীয়া গোচৰ ল’ব লাগে।

‘কিয় তেওঁলোকে ভুৱা তথ্য বিয়পাইছে?এইটোৱে সকলো সীমা অতিক্ৰম কৰিছে।’

গগৈয়ে লগতে দাবী কৰে যে এই দীঘলীয়া সংবাদমেলখনৰ আঁৰৰ আচল কাৰণটো হ’ল অসমত কংগ্ৰেছ দলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে ১২ হাজাৰ বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত থকা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিবলৈ বাধ্য হৈছে।

গগৈয়ে প্ৰশ্ন কৰে, “যদি সঁচা অৰ্থত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছিল, তেন্তে তেওঁ কিয় ছমাহ ধৰি অলসভাৱে বহি থাকিল?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd