• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰ মাথো ইভেন্ট মেনেজমেণ্ট আৰু এটেনচন মেনেজমেণ্টৰ চৰকাৰ – সাংসদ গৌৰৱ গগৈ। 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2024 4:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ বিৰোধী উপ দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে ৰাষ্ট্রপতিৰ অভিভাষণৰ সম্পৰ্কত লোকসভাত এক মনোগ্রাহী আৰু উদাত্ত ভাষণ প্ৰদান কৰে। বিশেষকৈ দেশৰ সংবিধান, গণতান্ত্রিক পৰম্পৰা, সংসদীয় ব্যৱস্থা ৰক্ষা কৰাৰ ক্ষেত্রত কংগ্রেছ দল তথা বিৰোধী ঐক্যৰ দায়ৱদ্ধতাৰ কথা তেওঁ উল্লেখ কৰে।

বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে সংসদীয় ব্যৱস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰে বুলি অভিযোগ উত্থাপন কৰি সাংসদ গৰাকীয়ে কয় যে যদিহে প্ৰধানমন্ত্ৰীয়ে গণতান্ত্রিক পৰম্পৰাৰ সংসদীয় ব্যৱস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলেহেঁতেন তেন্তে তেওঁ বিৰোধীৰ প্ৰশ্নৰ উত্তৰসমূহ দিলেহেঁতেন। সংসদত কোনো আলোচনা বিতৰ্ক নোহোৱাকৈ এশৰো অধিক বিল প্ৰণয়ন নকৰিলেহেঁতেন। তেওঁ ৰজাৰ দৰে আহে আৰু বিৰোধীৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উভতি যায়। তেওঁৰ বাবে যেন এইয়া গণতন্ত্রৰ মন্দিৰ স্বৰূপ নহৈ ৰাজতন্ত্ৰহে!! তেওঁ যেন তাৰ মহাৰাজ আৰু সদন যেন এক দৰবাৰ!! 

Apply Now

বিজেপি চৰকাৰে কেনেকৈ বিৰোধী দলৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ সমূহ চৰকাৰী তদন্ত সংস্হা IT, ED, CBI আদিক লগাই হেঁচা প্রয়োগ কৰি ভংগ কৰিছে সেই বিষয়েও উল্লেখ কৰে। 

লগতে গগৈয়ে কয়, “বিজেপিৰ সৈতে হাত মিলোৱাৰ বাবে বিহাৰত একেদিনাই নীতিশ কুমাৰ ডাঙৰীয়াই পদত্যাগ কৰি শপত গ্রহণ কৰিব পাৰে আৰু আনহাতেদি সম্পূর্ণ বহুমত থকাৰ পাছতো আঁজি কেইবাদিনো ধৰি ঝাৰখণ্ডত বিৰোধী দলৰ চৰকাৰৰ নতুন মুখ্যমন্ত্রীক শপত গ্রহণ কৰিবলৈ ৰাজ্যপালে অনুমতি প্রদান কৰা নাই। শাসকীয় পক্ষ হোৱাৰ বাবে বিহাৰৰ বাবে এটা নীতি, বিৰোধী হোৱাৰ বাবে এটা নীতি। তথাপি আমি ভয় নকৰোঁ। আমাৰ বিৰুদ্ধে যিমান পাৰা ED, IT, CBI লগোৱা আমি ভয় নকৰোঁ। আমি ৰাইজৰ সৈতে এই অন্যায়ৰ বিৰুদ্ধে যুঁজি যাম।”

তেওঁ কয় যে “দুৰ্নীতিৰ বিৰুদ্ধে মোডী চৰকাৰে কৈছিল যে “না খাওংগা না খানে দুংগা”। কিন্তু বাস্তৱত এতিয়া কি হৈছে? বিৰোধীত থাকিলে মহাৰাজে দুৰ্নীতি কৰা বুলি বিৰোধীৰ নেতাৰ IT, ED, CBI সকলো লগাই দিয়ে। বিৰোধীৰ নেতাক জেললৈ প্ৰেৰণ কৰে। কিন্তু সেই দুৰ্নীতিগ্ৰস্তজনেই বিজেপি চৰকাৰত চামিল হ’ল আৰু মহাৰাষ্ট্রত উপ-মুখ্যমন্ত্রী পাতিলে। আমি বিৰোধীয়ে যদি “সাৰদা”ৰ কথা কওঁ তেন্তে আমাৰ বিৰুদ্ধে আয়কৰ লগাই দিয়ে। যদি বিজেপিত যোগদান কৰি দিয়ে তেন্তে অসমৰ মুখ্যমন্ত্রী বনাই দিব। এইয়াই হৈছে বিজেপিৰ দুৰ্নীতি ধোৱা ৱাচিং মেচিন। ”

“বিজেপি চৰকাৰ মাথো “Event Management” চৰকাৰে”ই নহয় ই ”Attention Management”ৰো চৰকাৰ। জনগণৰ মৌলিক সমস্যাৰ পৰিৱর্তে তেওঁলোকে তেওঁলোকৰ প্ৰচাৰ যন্ত্রৰ দ্বাৰা ৰাইজৰ ধ্যান আকৰ্ষণ কৰিবলৈ নতুন নতুন মায়াজালৰ সৃষ্টি কৰে।  ইমানৰ পিছতো আমি ভয় নকৰো। আমি ভাৰতবর্ষক একত্রিত কৰিম। ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিম। অন্যায়ৰ বিৰুদ্ধে ন্যায় প্রদান কৰিম। সকলোকে সম মৰ্যাদা প্ৰদান কৰিম।  আমি অনুসূচিত জাতি আৰু জনজাতি সকলৰ পাপ্যৰ বাবে যুঁজ কৰিম, জন্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰ বাবে যুঁজ দিম, নিবনুৱা সকলৰ পাপ্যৰ বাবে যুঁজ কৰিম, মহিলা সকলক মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ যুঁজিম, অন্ধ্রপ্রদেশক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আৰু অসমৰ ৬ জনগোষ্ঠী লোক সকলৰ সৈতে জনজাতিকৰণৰ বাবে যুঁজ দিম।” – সাংসদ গৌৰৱ গগৈয়ে কয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd