• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

লংকেশৰ হত্যাকাণ্ডৰ ৯ বছৰ পাছতো ন্যায়িক প্ৰক্ৰিয়া লেহেমীয়া, আনহাতে গোচৰটোৰ আটাইকেইজন অভিযুক্ত জামিনত মুক্ত হৈ পৰাৰ লগতে একাংশক জনোৱা হৈছে মুকলি সম্বৰ্ধনা।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2026 7:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দুত্ববাদৰ প্ৰখৰ সমালোচক তথা নিৰ্ভীক সাংবাদিক গৌৰী লংকেশৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেশৰ শিক্ষা ব্যৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে একাংশ শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে। তেওঁলোকে বিশেষকৈ কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহৰ সমালোচনা কৰি কয় যে বৰ্তমানৰ শ্ৰেণীকোঠাসমূহ ক্ৰমান্বয়ে ‘জাত-পাতৰ কোঠা’ লৈ পৰিণত হৈছে।

 

Apply Now

শনিবাৰে সদৌ ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত সমাজতত্ত্ববিদ অধ্যাপক লক্ষ্মীপথী চি.জি., কবি-সমাজকৰ্মী মীনা কন্দাস্বামী, জেএনইউ ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দানিছ আলী আদি উপস্থিত থাকে। অধ্যাপক লক্ষ্মীপথীয়ে কয় যে ভাৰতীয় পৰিয়ালৰ ভিতৰৰ জাত-পাতৰ স্তৰবিন্যাসে সমাজত “সামাজিক ফেচীবাদ”ক উৎসাহিত কৰিছে। তেওঁ অভিযোগ কৰে যে উচ্চ বৰ্ণ বা ধৰ্মীয় মঠ পৰিচালিত শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীৰ মাজত ‘সমালোচনামূলক চিন্তাধাৰা’ৰ সলনি কেৱল ‘কঠোৰ বাধ্যবাধকতা’ জাপি দিছে। যাৰ ফলত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ শ্ৰেণীকোঠাসমূহ এতিয়া সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰান্তীয়কৰণ কৰা ‘জাত-পাতৰ কোঠা’ত পৰিণত হৈছে।

 

আনহাতে, মীনা কন্দাস্বামীয়ে নতুন শিক্ষানীতিত ব্যৱসায়িকৰণ আৰু সংৰক্ষণ নীতিক আওকাণ কৰাৰ অভিযোগ তুলি ইয়াৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে দিন-দুপৰতে সংঘটিত এনে হত্যাকাণ্ড আৰু সমালোচকসকলৰ ওপৰত চলা আক্ৰমণ আচলতে বৌদ্ধিক অন্বেষণক বাধা দিয়াৰ এক সুপৰিকল্পিত কৌশল। ইফালে, জেএনইউৰ ছাত্ৰ নেতা দানিছ আলীয়ে কয় যে গৌৰী লংকেশে জাত-পাতৰ নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিয়েই নিজৰ প্ৰাণ আহুতি দিবলগীয়া হ’ল। তেওঁ বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত ভাৰতৰ দুৰ্বল স্থিতিৰ (১৮০ খন দেশৰ ভিতৰত ১৫৭ তম) প্ৰসংগও উত্থাপন কৰি বিশ্ববিদ্যালয় চৌহদৰ সামৰিকীকৰণৰ বিৰোধিতা কৰে।

 

উল্লেখ্য যে, ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বেংগালুৰুৰ নিজা বাসভৱনৰ সন্মুখত গৌৰী লংকেশক মটৰচাইকেলত অহা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। কিন্তু ৯ বছৰ উকলি যোৱাৰ পাছতো এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া গতিত চলি আছে। ২০১৮ চনতে অভিযোগনামা দাখিল কৰা হৈছিল যদিও ২০২২ চনতহে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু বৰ্তমান সপ্তমগৰাকী ন্যায়াধীশে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে।

 

আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, গোচৰটোৰ আটাইকেইজন অভিযুক্ত ২০২৫ চনৰ পৰা জামিনত মুক্ত হৈ আছে আৰু মুকলি আকাশৰ তললৈ অহাৰ পাছত তেওঁলোকক বিভিন্ন স্থানত মুকলিকৈ সম্বৰ্ধনা জনোৱা হৈছে। অমিত বাড্ডি আৰু গণেশ মিছকিন নামৰ দুজন অভিযুক্তক জামিন পোৱাৰ পাছত হুবলীত “হিন্দু টাইগাৰ” হিচাপে সম্বৰ্ধনা জনোৱা হৈছিল। এই দুজন ব্যক্তিৰ বিৰুদ্ধে ২০১৫ চনত যুক্তিবাদী এম.এম. কালবুৰ্গীক হত্যা কৰাৰো অভিযোগ আছে আৰু দুয়োটা হত্যাকাণ্ডত একেটা বন্দুক ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰিও, আন এজন অভিযুক্ত শ্ৰীকান্ত পাংগাৰকাৰে ২০২৬ চনৰ জানুৱাৰীত মহাৰাষ্ট্ৰৰ জালনা পৌৰ নিগমৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰা কাৰ্যই সমগ্ৰ ন্যায়িক ব্যৱস্থাটোৰ ওপৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd