ক্ৰন’ল’জী! আদানীৰ ‘সংঘী ইণ্ডাষ্ট্ৰীজ’ৰ অংশীদাৰিত্ব ক্ৰয়ৰ পিছতে কংগ্ৰেছে তুলিছে অভিযোগ

হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টে পোহৰলৈ অনা দেশৰ ধনকুবেৰ গৌতম আদানীৰ জালিয়াতিৰ অভিযোগক কেন্দ্ৰ কৰি গত কিছুদিন পূৰ্বে উত্তাল হৈ উঠিছিল দেশৰ ৰাজনীতি। আদানীৰ বিপক্ষে তদন্তৰ দাবী তুলি সংসদ উত্তাল কৰি তুলিছিল কংগ্ৰেছে। 

‘মিত্ৰ’ আদানীৰ সৈতে প্ৰধানমন্ত্ৰী মোদী তথা কেন্দ্ৰ চৰকাৰক ধাৰাবাহিক আক্ৰমণ চলাইছিল বিৰোধীয়ে। হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টৰ ফলত বৃহৎ সংকটৰ সন্মুখীন হৈছিল গৌতম আদানী। অৱশ্যে এতিয়া এই সংকটৰ পৰা ক্ৰমান্বয়ে মুক্ত হৈছে আদানী গ্ৰুপ।

ইয়াৰ মাজতে আদানী গ্ৰুপৰ অম্বুজা চিমেণ্টে এইবাৰ ক্ৰয় কৰিছে সংঘী ইণ্ডাষ্ট্ৰীজৰ অংশীদাৰিত্ব। সংঘী ইণ্ডাষ্ট্ৰীজৰ প্ৰমোটাৰ গ্ৰুপ ৰবি সংঘী আৰু পৰিয়ালৰ পৰা ৫৬.৭৪ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে অম্বুজা চিমেণ্টে। 

ইয়াৰ উপৰিও সাধাৰণ বিনিয়োগকাৰীৰ হাতত থকা আৰু ২৬ শতাংশ শ্বেয়াৰ মুকলি বজাৰৰ পৰা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। এনে হ’লে সংঘী ইণ্ডাষ্ট্ৰীজৰ মুঠ ৮২.৭৪ শতাংশ শ্বেয়াৰ অম্বুজা চিমেণ্টৰ হাতলৈ আহিব।

আদানীৰ এই অধিগ্ৰহণৰ পিছতে ৰাজনৈতিক বিবাদ আৰম্ভ হৈছে। দেওবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আদানী গ্ৰুপৰ এই নতুন পদক্ষেপৰ আঁৰৰ ক্ৰন’ল’জী বাখ্যা কৰিছে। 

ৰমেশৰ ভাষ্য মতে, সংঘী ইণ্ডাষ্ট্ৰীজৰ অধিগ্ৰহণৰ আলোচনা আৰম্ভ হোৱা বুলি জানিব পাৰি আয়কৰ বিভাগে শ্ৰী চিমেণ্টৰ কাৰ্যালয়ত অভিযান চলাইছিল। ইয়াৰ ফলত শ্ৰী চিমেণ্ট শ্বেয়াৰ ক্ৰয়ৰ দৌৰৰ পৰা আঁতৰি যায় আৰু আদানীৰ বাবে পথ মুকলি হয় বুলি ৰমেশে কটাক্ষ কৰে।

কংগ্ৰেছ নেতাগৰাকীৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আদানীক বহুমূলীয়া সম্পত্তি গতাই আহিছে আৰু আদানী গ্ৰুপৰ প্ৰতিযোগীসকলৰ ওপৰত তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰি আহিছে।

উল্লেখ্য যে, শেহতীয়াকৈ আয়কৰ বিভাগে শ্ৰী চিমেণ্টৰ কাৰ্যালয়ত অভিযান চলাই কমেও ২৩ হাজাৰ কোটি টকাৰ কৰ জালিয়াতিৰ ইংগিতপূৰ্ণ নথি-পত্ৰ জব্দ কৰা বুলি প্ৰকাশ কৰিছিল।

আদানী গ্ৰুপক সংঘী ইণ্ডাষ্ট্ৰীজৰ অংশীদাৰিত্ব গতাই দিয়াৰ লক্ষ্যৰেই শ্ৰী চিমেণ্টৰ কাৰ্যালয়ত অভিযান চলোৱা বুলি মূলত: ৰমেশে দাবী কৰিছে। ‘মোদীৰ সহযোগীসকলক সমৃদ্ধ কৰাৰ বাবে কেন্দ্ৰীয় তদন্ত সংস্থাৰ অপব্যৱহাৰৰ দীৰ্ঘদিনীয়া ধাৰা আমি লক্ষ্য কৰি আহিছো’ বুলিও মন্তব্য কৰে ৰমেশে।

লগতে পঢ়কঃ ফেচবুক কৰ্ণাৰ : কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনত কিয়?

লগতে পঢ়কঃ আহিল অস্কাৰ, নাপালে ধন! পৰিচালক-প্ৰযোজকৰ বিপক্ষে আইনী যুঁজত নামিল বোমন-বেলী

লগতে পঢ়কঃ কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হ’ল হুন মানেট; দেশখনৰ ৰজা ছিহামানীয়ে দিলে নিযুক্তি