• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

এটা বিবাদিত সাহায্য শিবিৰৰ বেৰিকেড ভাঙিলে ভোকাতুৰ জনতাই! ইজৰাইলী সৈন্যৰ গুলীচালনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 3:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাৰ বিতৰ্কিত সাহায্য শিবিৰত বিশৃংখলতা। কাজিয়া, লুণ্ঠন, গুলীচালনাৰে ক্ষন্তেকতে যুদ্ধক্ষেত্ৰলৈ পৰিণত হ’ল সাহায্য শিবিৰটো। মঙলবাৰে ‘গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যন’ (জি এইচ এফ) নামৰ এটা বেচৰকাৰী সংস্থাই ভোকাতুৰ বাসিন্দাসকলৰ বাবে খাদ্য আৰু সাহায্য লৈ ৰাফালৈ গৈছিল। ঘটনাক্ৰম অনুসৰি বেৰিকেড লগোৱা এলেকাত সাহায্য ভৰ্তি ট্ৰাকৰ পৰা খাদ্য বিতৰণ কৰা হৈছিল। হাজাৰ হাজাৰ পেলেষ্টাইনী সেই খাদ্যৰ অপেক্ষাত আছিল। ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰাৰ পিছত হঠাতে তেওঁলোকৰ ধৈৰ্য্য হেৰুৱাই। বেৰিকেড ভাঙি ৰিলিফ ভৰ্তি ট্ৰাকখনৰ ফালে এটা গোট আগবাঢ়ি আহে আৰু লুটপাত আৰম্ভ কৰে। খবৰ অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইজৰাইল সেনাই হেলিকপ্টাৰৰ পৰা গুলীচালনা কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত বহু লোক পদ পিষ্ট হৈ বহু লোকৰ মৃত্যু হোৱাৰ লগতে আঘাত প্ৰাপ্ত হয়।  

এই ঘটনাই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰসংঘইও এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে। কিন্তু ইতিমধ্যে এই বেচৰকাৰী সংস্থাটোৰ সাহায্য শিবিৰ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছিল। অভিযোগ উত্থাপন হৈছে যে ৰাষ্ট্ৰসংঘক অন্ধকাৰত ৰাখি সকাহ দিয়াৰ নামত আমেৰিকা আৰু ইজৰাইলে গাজালৈ সশস্ত্ৰ বাহিনী প্ৰেৰণ কৰিছে। সামৰিক আৰু ৰাজনৈতিক লক্ষ্যত উপনীত হোৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে এই সাহায্য শিবিৰ। কেৱল ৰাষ্ট্ৰসংঘই নহয়, অন্যান্য মিত্ৰ সংগঠনসমূহেও জি এইচ এফৰ ওপৰত আপত্তি প্ৰকাশ কৰিছিল। কেৱল এয়াই নহয়, এই সংস্থাটোৰ সাহায্য বিতৰণৰ অভিজ্ঞতা বা সামৰ্থ্য নাই বুলিও অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সোমবাৰৰ পৰা ৰাফাত সাহায্য শিবিৰ আৰম্ভ কৰা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। কিন্তু পিছদিনা সেই সাহায্য শিবিৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়।

Apply Now

গাজাত হামাছৰ সৈতে জড়িত চৰকাৰী সংবাদ মাধ্যমৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে ইজৰাইলৰ দখলদাৰী সেনাই সাধাৰণ ভোকাতুৰ লোকৰ ওপৰত প্ৰত্যক্ষ গুলীচালনা কৰে। মানৱীয় সাহায্য প্ৰদানৰ নামত সেই অঞ্চললৈ মাতি অনা হৈছিল ভোকাতুৰ ৰাইজক। ৰাফাত যি ঘটিল সেয়া ইচ্ছাকৃতভাৱে কৰা হত্যাকাণ্ড। কেৱল এয়াই নহয়, ই এক যুদ্ধাপৰাধ বুলি উল্লেখ কৰিছে। এই হত্যাকাণ্ড পৰিকল্পিত ভাবে সংঘটিত হৈছিল বুলি অভিযোগ কৰিছে। আনহাতে উত্তৰ গাজাত ইজৰাইলী সেনাই এজন সাংবাদিকৰ ঘৰত বোমা নিক্ষেপকৰা ফলত আঠজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

অৱশ্যে ইজৰাইলী সেনাই কোনো ভোকাতুৰ ব্যক্তিক গুলী চলোৱা নাছিল বুলি দাবী কৰিছে। ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ বতাহত গুলীচালনা কৰা বুলি উল্লেখ কৰিছে। ইজৰাইলে সাহায্যৰ প্ৰৱেশ নিষিদ্ধ কৰা বাবে প্ৰায় তিনিমাহ ধৰি যুদ্ধবিধ্বস্ত গাজালৈ কোনো বহিঃৰাজ্যৰ পৰা সাহায্য প্ৰদান কৰিব পৰা নাছিল।

 কিছুদিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা প্ৰবল হেঁচা প্ৰদান কৰাত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত সাহাৰ্যৰ বাবে প্ৰৱেশৰ অনুমতি দিছিল। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘৰ কেইবাখনো ট্ৰাকে সাহায্য কঢ়িয়াই গাজাত প্ৰৱেশ কৰে। কেৱল ৰাষ্ট্ৰসংঘই নহয়, কিছুমান বেচৰকাৰী সংস্থা (এন জি অ’)ৰ ট্ৰাকেও সাহায্য কঢ়িয়াই লৈ গৈছে। আমেৰিকা সমৰ্থিত ‘গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যন’ও সেই তালিকাত আছিল বিলি জানিব পৰা গৈছে।

Tags: AidCampAttackGazaCrisisGHFGlobalOutcryHumanitarianAidIsraelPalestineConflictMiddleEastConflictRafahAidCampUNConcernsWarCrimes
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd