• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত এআইচিটিইৰ পৃষ্ঠপোষকতাত উদ্ভাৱন ডিজাইন আৰু উদ্যোগীকৰণ বুট কেম্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2024 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৯ আৰু ৩০ নৱেম্বৰ ২০২৪ ত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অসমৰ বিদ্যালয়সমূহৰ ভিতৰত উদ্ভাৱন, ডিজাইন আৰু উদ্যোগীকৰণক উদগনি দিয়াৰ লক্ষ্যৰে সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ আৰু শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱনকোষ( AICTE- MIE)ৰ পৃষ্ঠপোষকতাত এক বিশেষ বুট কেম্পৰ আয়োজন কৰা হয় l


উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষকসকলৰ বাবে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ , সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE) আৰু শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (MIC), CBSE আৰু NCERT ৰ সহযোগত এই দুদিনীয়া উদ্ভাৱন ডিজাইন আৰু উদ্যোগীকৰণ (আই ডি ই) বুট কেম্পৰ আয়োজন কৰে ।

Apply Now

ভাৰত চৰকাৰৰ এই বৃহৎ পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰত তথা অসমৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ উদ্ভাৱন, ডিজাইন, আৰু উদ্যোগীকৰণৰ দক্ষতা বৃদ্ধি কৰা। ভাৰত চৰকাৰৰ অধীনত স্কুল ইনোভেচন কাউন্সিলে (SIC) যুৱ উদ্যোগীসকলক তেওঁলোকৰ প্ৰকল্পৰ ইনকিউবেচনৰ বাবে ১.৫ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষনা কৰে । ইয়াৰ উপৰিও এছ আই চিৰ অধীনত যিকোনো বিদ্যালয় শিক্ষকে এম্বেছাদৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে চাৰ্টিফিকেট পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰিব, তাৰ পিছত তেওঁলোকক এছ আই চিয়ে স্কুল উদ্ভাৱন এম্বেছাদৰ হিচাপে নিযুক্তি দিব পাৰিব। উল্লেখযোগ্য যে এই বিশেষ অনুষ্ঠানটো আয়োজন কৰিবলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ শিক্ষানুষ্ঠান হিচাপে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় নিৰ্বাচিত হয়।


উদ্যোগীকৰণ শিক্ষাৰ গুৰুত্ব প্ৰদান কৰাৰ এই বিশেষ বুট কেম্প বিখ্যাত ৱাধৱনী ফাউণ্ডেশ্যনৰ সহযোগত আয়োজন কৰা হৈছে। ১৭খন ৰাজ্যত চলি থকা এই দেশজোৰা কাৰ্যসূচীত ভাৰতৰ বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ ৩৭০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়তো উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা জনতকৈ অধিক শিক্ষক আৰু অধ্যক্ষই এই বৃহৎ বুট কেম্পত পঞ্জীয়ন কৰিছে।


২২ নৱেম্বৰ ২০২৪ ত এ আই চি টি ইৰ ভাইচ চেয়াৰমেন ড০ অভয় জেৰে দেশজোৰা বুট কেম্পৰ তৃতীয় সংস্কৰণটো উদ্বোধন কৰে l ইয়াত অংশগ্ৰহণ কৰে এন চি ই আৰ টিৰ পৰা অধ্যাপক ইন্দ্ৰাণী ভাদুৰী আৰু চি বি এছ ইৰ ড০ বিশ্বজিৎ সাহাই । ২৯ নৱেম্বৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ আই ডি ই বুট কেম্প উদ্বোধন কৰে মুখ্য অতিথি ৰাজ্যিক শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ( SCERT) সঞ্চালক সঞ্চালক ড° নীৰদা দেৱী, শিক্ষা মন্ত্ৰালয় উদ্ভাৱন কোষৰ নডেল কেন্দ্ৰৰ মুৰব্বী, ড° হীৰক ৰঞ্জন দাস, ন’ডেল কেন্দ্ৰৰ সমন্বয়ক শ্ৰীযুত বিধিকাৰ বিশাল, ন’ডেল কেন্দ্ৰৰ সমন্বয়কৰ লগতে ৱাধৱানী ফাউণ্ডেশ্যনৰ মুখ্য প্ৰশিক্ষক শ্ৰীযুত শ্ৰীবৎসন, আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিশিষ্ট ব্যক্তি l


শ্ৰীমন্ত শংকৰ অকাডেমি ছ’চাইটিৰ সভাপতি শ্ৰীযুত যশোদা ৰঞ্জন দাসৰ আদৰণি ভাষণেৰে এই অনুষ্ঠানৰ আৰম্ভণি হয়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য্য অধ্যাপক জয়ন্ত ডেকাই বিশ্ববিদ্যালয় খনক বুট কেম্প আৰম্ভ কৰাৰ বাবে নিৰ্বাচিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিষ্ঠান হোৱাত গৌৰৱ প্ৰকাশ কৰে। এছ চি ই আৰ টি অসমৰ সঞ্চালক ড০ নিৰদা দেৱীয়ে অনাগত বছৰবোৰত ভাৰতৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰ বিষয়ে ভাষণত উল্লেখ কৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক সমাজৰ সবলীকৰণৰ বাবে উদ্ভাৱনী চিন্তাধাৰাৰ অনুশীলন কৰিবলৈ প্ৰেৰণা যোগোৱাৰ বাবে ড০ দেৱীয়ে এই বুট কেম্পৰ শলাগ লয়। ড০ হীৰক ৰঞ্জন দাসে, (এ আই চি টিই-এম আই চি) ন’ডেল চেণ্টাৰ সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই বুট কেম্পে আই পি আৰৰ সুবিধা আৰু প্ৰযুক্তি হস্তান্তৰৰ জৰিয়তে বজাৰযোগ্য উদ্ভাৱনক যথেষ্ট সহায় কৰিব। ন’ডেল চেণ্টাৰৰ সমন্বয়ক শ্ৰী বিদিকাৰ বিশালে অংশগ্ৰহণকাৰীসকলক নৱগঠিত বিদ্যালয় উদ্ভাৱন পৰিষদৰ সৈতে পৰিচয় কৰাই দিয়ে। বিদ্যালয় উদ্ভাৱন পৰিষদৰ পদক্ষেপৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি এম আই চিৰ সহকাৰী উদ্ভাৱন সঞ্চালক ড০ এলাংগোভান কৰিয়াপ্পানে উল্লেখ কৰে যে এম আই চিয়ে বৰ্তমান বিদ্যালয় পৰ্যায়ত উদ্ভাৱনপ্ৰকল্পৰ ইনকিউবেচনৰ বাবে ১.৫ লাখ টকা পৰ্যন্ত সেৱা আগবঢ়াই বিশেষ সহায় কৰিব সেয়া এক আশাব্যঞ্জক প্ৰস্তাব l


প্ৰথম দিনাৰ অনুষ্ঠানত ৱাধৱানী ফাউণ্ডেশ্যনৰ শ্ৰী শ্ৰীৱৎসনে মৌলিক ধাৰণা আৰু চিন্তাক প্ৰসাৰৰ বাবে নেটৱৰ্কিং দক্ষতা আৰু কৌশল গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অংশগ্ৰহণকাৰীসকলে জি পি এছ ফিট কৰা বেকপেক আৰু লণ্ড্ৰী বেগ-কম-ৱাশ্বিং মেচিনকে ধৰি কেইবাটাও ব্যৱসায়িক ধাৰণা উপস্থাপন কৰে। পৰৱৰ্তী সময়ত আই আই এম কলিকতা ইনোভেচন পাৰ্কৰ পৰা শ্ৰীমতী অনুসূয়া মহন্তই বিদ্যালয়সমূহত উদ্ভাৱনমূলক কামৰ সূচনা কৰাৰ বিষয়ে ভাষণ দি উল্লেখ কৰে যে গুৰু হিচাপে শিক্ষকসকলে বিদ্যালয়ত এনে এক অনুকূল পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে বিফল হ’লেও মুক্ত মনেৰে তেওঁলোকৰ চিন্তা , ধাৰণা আৰু উদ্ভাৱনমূলক পৰীক্ষাসমূহ কৰিবলৈ সুবিধা পায়।


গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এ আই চি টিই-আইডিইএ লেব, ডি এছ টি-এফ আই এছ টি লেব আৰু চেণ্ট্ৰেল ইনষ্ট্ৰুমেণ্ট লেব পৰ্যবেক্ষণ ভ্ৰমণৰ বাবেও অংশগ্ৰহণকাৰীসকলক লৈ যোৱা হয়, য’ত তেওঁলোকক লেজাৰ কাটাৰ আৰু থ্ৰীডি প্ৰিণ্টাৰৰ দৰে শেহতীয়া অত্যাধুনিক মেচিনৰ সৈতে পৰিচয় হ’ব পাৰিছে ।


বুট কেম্পৰ সামৰণি দিনটোত গ্ৰাহক সৃষ্টি, সমাধানৰ ধাৰণা সৃষ্টি আৰু বিত্তীয় সাক্ষৰতাৰ মূল বিষয়সমূহক লৈ শ্ৰীযুত শ্ৰীৱৎসনে কেইবাটাও কথোপকথন অনুষ্ঠান পৰিচালনা কৰে। অসম ষ্টাৰ্ট আপৰ প্লাবন বৰা ডাঙৰীয়াই ছাত্ৰ ষ্টাৰ্টআপৰ বাবে অনুদান আৰু পুঁজিৰ সুযোগৰ বিষয়ে এক আভাস দিয়ে। শেষত ভাৰতীয় প্ৰাদ্যোগিকপ্ৰতিষ্ঠান(আই আই ই )গুৱাহাটীৰ অধ্যাপক শান্তনু ডেকাই উদ্যোগীকৰণ শিক্ষাৰ উদ্ভাৱনীমূলক বেঞ্চ মাৰ্কিং পদ্ধতি বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকক প্ৰদৰ্শন কৰে। দুদিনীয়া কাৰ্যসূচীৰ অন্তত গিৰিজানন্দ চৌধুৰী বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিপাংকৰ সাহাই শলাগৰ শৰাই জ্ঞাপন কৰে l

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd