• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় চিকিৎসা পৰীক্ষাগাৰ আৰু জীৱবিজ্ঞান পৰিষদলৈ মনোনীত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2025 12:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে সুখবৰ। ভাৰত চৰকাৰে শেহতীয়াকৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অৱ এলাইড হেল্থ চাইন্সৰ অধ্যাপিকা ড০ বিদ্যা শ্ৰীনিবাসনক ৰাষ্ট্ৰীয় চিকিৎসা পৰীক্ষাগাৰ আৰু জীৱবিজ্ঞান পেছাদাৰী পৰিষদৰ পাঁচজন সদস্যৰ ভিতৰত এজন অন্যতম সদস্য হিচাপে মনোনীত কৰা হৈছে। ২০২৫ চনৰ ২৬ মাৰ্চত ‘National Commission for Allied and Healthcare Professions’-ৰ বাবে ৰাষ্ট্ৰীয় আয়োগে গঠন কৰা এই পৰিষদখনত স্থান লাভ কৰাটো ভাৰতৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে এক বিৰল কৃতিত্ব। এই সন্মান বিশিষ্ট ব্যক্তিসকলক জীৱবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয়।

Approved DFADownload

এনচিএএইচপি হৈছে সমগ্ৰ দেশৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে শীৰ্ষতম নিয়ন্ত্ৰণকাৰী সংস্থা আৰু এই সংস্থাটোৱে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তত্বাৱধানত কাৰ্য সম্পাদন কৰে। ২০২১ চনত স্থাপিত এনচিএএইচপিয়ে স্বাস্থ্যসেৱা বৃত্তিত শিক্ষা আৰু গৱেষণা নিয়ন্ত্ৰণ, কেন্দ্ৰীয় নীতিসমূহৰ অনুসৰণ, পাঠ্যক্ৰম প্ৰণয়ন আৰু পৰীক্ষাৰ বাবে মানদণ্ড নিৰ্ধাৰণৰ দিশ চোৱা-চিতা কৰে। এনচিএএইচপিয়ে গঠন কৰা এনে দহটা পেছাদাৰী পৰিষদৰ ভিতৰত নৱগঠিত চিকিৎসা পৰীক্ষাগাৰ আৰু জীৱবিজ্ঞান পেছাদাৰী পৰিষদ অন্যতম।

Apply Now

উল্লেখ্য যে, ড০ বিদ্যা শ্ৰীনিবাসনে পিলানীস্থিত বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড ছায়েন্সৰ পৰা মেডিকেল লেবৰেটৰী টেকন’লজীত এম এছ আৰু বায়’লজীকেল ছায়েন্সত পিএইচডি সম্পূৰ্ণ কৰে।তেখেতে ড° ৰাধাকৃষ্ণণ বঁটা, বিএছ নৰসিংহ ৰাও বঁটা, নেচনেল এছিয়া আৰভো ট্ৰেভেল গ্ৰাণ্ট, উইপ্ৰ’ বায়’মেড প্ৰাইভেট লিমিটেড এনডাউমেণ্ট বঁটা, ডাঃ এছ ৰামাস্বামী বঁটাৰ লগতে শৈক্ষিক উৎকৰ্ষতাৰ বাবে নৰসিংহন এনডাউমেণ্ট বঁটাও লাভ কৰিছে। ড০ বিদ্যা শ্ৰীনিবাসনৰ এলাইড হেল্থ ছায়েন্সৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ কেৰিয়াৰ আছে। আঠাইশ বছৰৰো অধিক সময় পেছাদাৰী অভিজ্ঞতাৰে ড০  শ্ৰীনিবাসনে অসংখ্য স্বাস্থ্য শিবিৰ, সজাগতা কাৰ্যসূচী আৰু কৰ্মশালা আদি আয়োজন কৰি পাঠদান, গৱেষণা আৰু স্বাস্থ্য-নিদানৰ ওপৰত গুৰুত্বৰ দি জনসেৱা আগবঢ়াই আহিছে। ড০ শ্ৰীনিবাসনে বিভিন্ন আলোচনীত তেৰখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে আৰু চাৰিখন পাঠ্যপুথি ৰচনা কৰিছে: সেইকেইখন ক্ৰমে- হেণ্ডবুক অফ প্ৰেক্টিকেল হিমাটোলজী (২০২০), হেণ্ডবুক অফ প্ৰেক্টিকেল মাইক্ৰ’বায়োলজী (২০২১), হস্পিটেল এণ্ড পেচেণ্ট কেয়াৰ মেনেজমেণ্ট (২০২২) আৰু এচেন্সিয়েলছ অৱ প্ৰেক্টিকেল বায়োকেমিষ্ট্ৰী (২০২৪) অন্যতম। তেখেতৰ গৱেষণাই বিশেষভাৱে অসংক্ৰামক ৰোগ, যেনে মেদবহুলতা, মধুমেহ আৰু কৰ্কট ৰোগৰ ওপৰত গুৰুত্ব দিয়ে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা মেডিকেল লেব টেকন’লজীছ (এমএলটি) পাঠ্যক্ৰম উন্নয়ন কৰ্মশালাৰ ৱৰ্কিং গ্ৰুপ এক্সপাৰ্টৰ বাবেও ড০ শ্ৰীনিবাসনক উত্তৰ-পূবৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন দুখন বিশ্ববিদ্যালয়ৰ বাবেও এমএলটি পাঠ্যক্ৰমৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাত (ডিপ্লমা, ইউ জি আৰু পি জি পৰ্যায়ত) ড০ শ্ৰীনিৱাসন এগৰাকী অগ্ৰগণ্য ব্যক্তি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd