ধাৰ্মিক জীৱনশৈলীত আৰক্ষীক অভ্যস্ত কৰাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে। ৰামচৰিতমানসৰ পিছত এইবাৰ ৰাজ্যখনত কনিষ্টবলৰ প্ৰশিক্ষণত শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত শেহতীয়াকৈ বিজেপিৰ মোহন যাদৱ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।
যোৱা জুলাই মাহৰ পৰা মধ্যপ্ৰদেশৰ ৮টা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় ৪,০০০ জোৱানৰ প্ৰশিক্ষণ চলি আছে। এই প্ৰশিক্ষণ আগন্তুক ৯ মাহলৈ চলি থাকিব। এই প্ৰশিক্ষণৰ অংশ হিচাপে এতিয়া ভাগৱত পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ মধ্যপ্ৰদেশ আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰাজাবাবু সিঙে এই সন্দৰ্ভত নীতি-নিৰ্দেশনা জাৰি কৰিছে।
ৰাজাবাবু সিঙে কয় যে প্ৰশিক্ষণ লৈ থকা আৰক্ষী জোৱানসকলে ভাগৱতৰ অন্ততঃ এটা অধ্যায়ৰ বিষয়ে জনা উচিত। এই প্ৰশিক্ষণৰ অংশ হিচাপে প্ৰতিদিনে পুৱা প্ৰশিক্ষণ লৈ থকা জোৱান সকলে গীতা পঢ়িব লাগিব।
বিষয়াগৰাকীয়ে লগতে কয়, “ভাগৱত আমাৰ চিৰন্তন শাস্ত্ৰ। আৰক্ষীয়ে যদি নিয়মিতভাৱে পঢ়ে, তেন্তে তেওঁলোকৰ ধৰ্মীয় জীৱন যাপনৰ অভ্যাস হ’ব আৰু আনকো শিকাৰ পাৰিব।”
অৱশ্যে, মধ্যপ্ৰদেশত এনে ঘটনা প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এইজন আৰক্ষী বিষয়াই মধ্যপ্ৰদেশৰ ডিজি প্ৰশিক্ষণত ৰামচৰিতমানস পাঠ কৰাটো বাধ্যতামূলক কৰিছিল। তেওঁ জাৰি কৰা সেৱা অধিসূচনাত উল্লেখ কৰা হৈছিল যে আৰক্ষীৰ প্ৰশিক্ষণত অনুশাসনবোধ অত্যন্ত গুৰুত্বপূৰ্ণ। সেই অনুশাসনৰ ভাব সৃষ্টি কৰিবলৈ ৰামচৰিতমানসৰ পঠন অতি প্ৰয়োজনীয়।
অধিসূচনাত এই কথাও উল্লেখ কৰা হৈছিল যে, ৰামচৰিতমানসত শ্ৰীৰামে ১৪ বছৰ বনবাসত থকা সময়ৰ ঘটনাবোৰ বিতংভাৱে জনাটো প্ৰয়োজনীয়, কিয়নো ইয়াৰ পৰা আৰক্ষী বিষয়াসকলে কৰ্তব্য আৰু অনুশাসনৰ বিষয়ে জ্ঞান লাভ কৰিব।
মন কৰিবলগীয়া যে, এই গৰাকী আৰক্ষী বিষয়াই ২০১৯ চনত যেতিয়া তেওঁ গ্ৱালিয়ৰৰ আৰক্ষী অধীক্ষক আছিল, তেতিয়া কাৰাগাৰৰ বন্দীসকলকো গীতা পঢ়াৰ নিৰ্দেশ দিছিল।





