• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন এক কূটাঘাতৰ পৰিকল্পনা? উত্তৰাখণ্ডৰ বিদ্যালয়ৰ সমীপত উদ্ধাৰ ১৬১ ডাল জেলেটিন ষ্টিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2025 10:31 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ ডাবৰা গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ সমীপৰ পৰা বিপুল পৰিমাণৰ বিস্ফোৰক (জেলেটিন ষ্টিক) উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ সুভাষ সিঙৰ তৎপৰতাৰ বাবে শনিবাৰে এই ঘটনা পোহৰলৈ আহে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে বিদ্যালয়খনৰ অধ্যক্ষ সুভাষ সিঙে বিদ্যালয়খনৰ সমীপত এটা জোপোহাত পৰি থকা এটা ছীল কৰা পেকেট দেখা পায়। সন্দেহ ওপজাত তেওঁ লগে লগে আৰক্ষীক খবৰ দিয়ে।

Apply Now

এই তথ্য লাভ কৰাৰ লগে লগে উধম সিং নগৰ আৰু নাইনিতালৰ পৰা  বোম স্কোয়াড আৰু পুলিচৰ তালাচী কুকুৰৰ দুটা আৰক্ষীৰ দল ক্ষীপ্ৰতাৰে আহি সেই স্থানত উপস্থিত হয়। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰাৰ পিছত জোপোহাৰ পৰা প্ৰায় ২০ কিলোগ্ৰাম ওজনৰ মুঠ ১৬১ডাল জেলেটিন ষ্টিক উদ্ধাৰ কৰা হয়।

আলমোৰাৰ আৰক্ষী অধীক্ষক দেৱেন্দ্ৰ পিঞ্চাই কয়, “ইয়ালৈ ক’ৰ পৰা আৰু কিয় ইমান বিস্ফোৰক আহিল তাৰ তদন্ত চলি আছে। ইয়াৰ আশে-পাশে থকা অঞ্চলতো তালাচী চলোৱা হৈছে।”

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে বিএনএছ আইনৰ অধীনত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে অবৈধ বিস্ফোৰক উদ্ধাৰৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ৪ জনীয়া বিশেষ দল।

এনে জেলেটিন ষ্টিক সাধাৰণতে শিল কটা আৰু পথ নিৰ্মাণৰ বাবে বা খনন এলেকাত শিল খননৰ বাবে ব্যৱহাৰ কৰা হয়। নির্মাণ কামৰ বাবে ৰখা হৈছিল নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে৷

শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণ আৰু হাৰিয়ানাৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰৰ পিছত দেশৰ চোৰাংচোৱা সংস্থা আৰু আৰক্ষীয়ে উচ্চ সতৰ্কতা অৱলম্বন কৰিছে।

কিছুদিন পূৰ্বে হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা প্ৰায় ৩০০০ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে পশ্চিম বংগতো নাকা চেকিঙৰ সময়ত উদ্ধাৰ হৈছিল জেলেটিন ষ্টিক। এনে পৰিস্থিতিত উত্তৰাখণ্ডৰ পৰা উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd