• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

নতুন প্রতিবেদনত দাবী কৰা হৈছে যে নির্বাচনী আয়ুক্ত দুগৰাকী সান্ধু আৰু যোশীয়ে নতুন ভোটাৰৰ নাম তালিকাত অন্তর্ভুক্ত কৰিবলৈ এছ এছ আৰ পুনৰ প্রৱর্তনৰ বাবে তীব্ৰ পোষকতা কৰিছিল যদিও কোনো ফলাফল পোৱা নগ’ল৷

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 25, 2026 9:35 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংক্ষিপ্ত বিশেষ পুনৰীক্ষণ বা এছএছআৰ। নিৰ্বাচন আয়োগে প্ৰতি বছৰে এই কাৰ্যসূচী ৰূপায়ণ কৰি ১৮ বছৰ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক ভোটাৰ তালিকাত নাম সোমোৱাৰ সুযোগ প্ৰদান কৰি আহিছে। এই প্ৰথা ১৯৫৮ চনৰ পৰা চলি আহিছে যদিও ২০২৪ চনৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুয়োজন আয়ুক্তৰ মাজত সহমত নোহোৱাৰ বাবে ‘জেন জি’ক ভোটাধিকাৰ প্ৰদানৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে।

বৃহস্পতিবাৰে ‘দ্য ইকনমিক টাইমছ’ত প্ৰকাশিত এক প্ৰতিবেদনত এনে চাঞ্চল্যকৰ দাবী উত্থাপন হৈছে। এদিন পূৰ্বে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ অনুসন্ধানমূলক প্ৰতিবেদনক লৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি হৈছিল।

সেই প্ৰতিবেদনত জ্ঞানেশ কুমাৰ আৰু আন দুজন নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ মাজত এছ আই আৰকে ধৰি বিভিন্ন নিৰ্বাচনী প্ৰক্ৰিয়াত মতানৈক্যৰ অভিযোগ উত্থাপন কৰা হৈছিল। নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে ১০ মাহত ১৪ বাৰ লিখিত আপত্তি উত্থাপন কৰাৰ পিছতো জ্ঞানেশ কুমাৰে কোনো গুৰুত্ব নিদিলে।

Apply Now

ইফালে, নতুন প্রতিবেদনত দাবী কৰা হৈছে যে নির্বাচনী আয়ুক্ত দুগৰাকী সান্ধু আৰু যোশীয়ে নতুন ভোটাৰৰ নাম তালিকাত অন্তর্ভুক্ত কৰিবলৈ এছ এছ আৰ পুনৰ প্রৱর্তনৰ বাবে তীব্ৰ পোষকতা কৰিছিল যদিও কোনো ফলাফল পোৱা নগ’ল৷ আনকি ২০২৫-২৬ চনৰ এছ এছ আৰ প্ৰক্ৰিয়াও এতিয়াও আৰম্ভ হোৱা নাই।

স্বাভাৱিকতে এই বিষয়ত বিৰোধী শিবিৰ সৰৱ হৈছে। কংগ্ৰেছৰ কটাক্ষ, মোডী চৰকাৰে জেন জিক ভয় কৰে কাৰণ, জেন জিয়ে মোডীৰ বিৰোধিতা কৰে। এই ভয়ৰ বাবেই মোদীয়ে জ্ঞানেশ কুমাৰৰ সৈতে মিলি ষড়যন্ত্ৰ কৰিছে। এতিয়া জ্ঞানেশ কুমাৰে জেন জিৰ ভোটাধিকাৰ কাঢ়ি লোৱাৰ কাম কৰি আছে।

আয়োগে প্ৰতি বছৰে এছ এছ আৰ অনুষ্ঠিত কৰি তালিকাত নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰে। কিন্তু ২০২৪ চনৰ পৰা জ্ঞানেশ কুমাৰে নিষিদ্ধ কৰি ৰাখিছে। অৰ্থাৎ ১৮ বছৰীয়া যুৱক-যুৱতীক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া বন্ধ হৈ গৈছে। নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে এছ এছ আৰ অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিলেও জ্ঞানেশ কুমাৰে সেয়া হ’বলৈ দিয়া নাই।

ইকনমিক টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ চনৰ জুন মাহত বিহাৰৰ পৰা সমগ্ৰ দেশতে এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।এই প্ৰেক্ষাপটত ২০২৪ চনৰ পৰা এছ এছ আৰ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে। এই বিষয়ত আয়োগৰ ভিতৰত মতানৈক্যৰ বাবে জ্ঞানেশ কুমাৰেও চলিত বৰ্ষৰ আৰম্ভণিতে আইনী পৰামৰ্শ বিচাৰিছিল। এছ আই আৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এছ এছ আৰ কাৰ্যসূচী আৰম্ভ কৰিব লাগে নেকি সেই সন্দৰ্ভত আইনী বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হৈছিল।

সেই আইনী পৰামৰ্শ অহাৰ পিছত দুই নিৰ্বাচন আয়ুক্ত সান্ধু আৰু যোশীয়ে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে যে এছ এছ আৰ আৰম্ভ কৰিব লাগে। কাৰণ আয়োগৰ হাতপুথিত উল্লেখ আছে যে প্ৰতি বছৰে নিয়মীয়াকৈ এছ এছ আৰ সম্পূৰ্ণ কৰিব লাগে। এছ এছ আৰ কাৰ্যসূচীয়ে ভোটাৰ তালিকা ফটোসহ আপডেট কৰা আৰু অমিল আৰু অসামঞ্জস্যতা পৰীক্ষা কৰাত সহায় কৰে। সেই বছৰ ১৮ বছৰ বয়স সম্পূৰ্ণ কৰিবলৈ ওলোৱা নাগৰিকে চাৰিটা তাৰিখত (১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ) এছ এছ আৰৰ জৰিয়তে আবেদন কৰিব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd