DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দিল্লীত অনুষ্ঠিত হ’ব উন্নয়নশীল দেশসমূহৰ সাধাৰণ সন্মিলন: ভাগ ল’ব ১২০ খনতকৈও অধিক দেশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 6:43 pm
Developing Countries meeting in Delhi
118
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লীয়ে আয়োজন কৰিব এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশসমূহৰ এখন সন্মিলনৰ। অহা ১২ আৰু ১৩ জানুৱাৰীত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ১২০ খনতকৈও অধিক দেশক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

ৰাষ্ট্ৰপ্ৰধানসকলৰ উপৰিও বিভিন্ন দেশৰ বিভাগীয় মন্ত্ৰীসকলকো এই সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছে। মহামাৰী আৰু প্ৰভাৱ, ইউক্ৰেইন যুদ্ধৰ আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ, খাদ্য, সাৰ আৰু ইন্ধনৰ মূল্যৰ অস্বাভাৱিক বৃদ্ধি, ঋণৰ বোজা, মুদ্ৰাস্ফীতি আদি বিষয়ক কেন্দ্ৰ কৰি এই সন্মিলন অনুষ্ঠিত কৰা হ’ব।

এই সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মুকলি ভাষণ প্ৰদান কৰিব। সন্মিলনত ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

‘ভয়েচ অৱ গ্ল’বেল চাউথ’ শীৰ্ষক সন্মিলন ঘোষণা কৰি বৈদেশিক সচিব বিনয় কোৱাট্ৰাই আজি কয় যে নিজৰ নিজৰ উদ্দেশ্য চিনাক্ত কৰি বিশ্বব্যাপী একমত গঢ়ি তোলাৰ লক্ষ্যৰে আমি সকলো উন্নয়নশীল দেশক এক মঞ্চত একত্ৰিত কৰি বিভিন্ন বিষয়ত অগ্ৰাধিকাৰ দি আগুৱাই যোৱাৰ পথসমূহ আলোচনা কৰিব খুজিছো।

তেওঁ লগতে কয় যে “এই পদক্ষেপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সব কা সাথ, সব কা বিকাশ, সব কা বিশ্বাস আৰু সব কা প্ৰয়াস’ নীতিৰ সৈতে জড়িত। কেন্দ্ৰীয় চৰকাৰেও ভাৰতৰ পৰম্পৰাগত নীতি বসুধৱ কুটুম্বকমৰ দৰ্শন মনত ৰাখিছে।”

সন্মিলনত জি-২০ দেশসমূহক গোটৰ বাহিৰৰ দেশসমূহৰ সৈতেও সংযোগ স্থাপনৰ চেষ্টা কৰা হ’ব। কোৱাট্ৰাই কয়, “প্ৰধানমন্ত্ৰীয়ে কৈছিল যে উন্নয়নশীল আৰু পিছপৰা দেশবোৰৰ কথা সদায় শুনা নাযায়। এই সন্মিলনত গোটৰ বাহিৰৰ দেশৰ পৰামৰ্শ শুনিবলৈ এক অধিৱেশন অনুষ্ঠিত কৰা হ’ব।”

“ফলত সেই গোটৰ সদস্য নোহোৱাসকলেও বিশ্ব ব্যৱস্থা আৰু বাণিজ্য নীতিৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰিবলৈ আৰু জানিবলৈ সুযোগ পাব। আমি ইয়াক জি-২০ প্লেটফৰ্মলৈ লৈ যোৱাৰ চেষ্টা কৰিম।”— তেওঁ লগতে কয়।

অৱশ্যে কোন কোন ৰাষ্ট্ৰই এই সন্মিলনত যোগদান কৰিব সেয়া এতিয়াও নিৰ্ণয় কৰা হোৱা নাই।

Recent News

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Cow Hug Day

সমাগত ১৪ ফেব্ৰুৱাৰী: প্ৰেমাস্পদক আলিংগনৰ বাবে নহয়, সাজু হওক গৰু আলিংগনৰ বাবে!

Man urinating on youth

আৰক্ষীৰ জালত যুৱকক অমানুষিক অত্যাচাৰ কৰি শৰীৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd