• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ সশস্ত্ৰ বাহিনীৰ চীফ অফ ডিফেঞ্চ ষ্টাফ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে এন এছ ৰাজা সুব্ৰমণিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 1:35 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সশস্ত্ৰ বাহিনীত নেতৃত্বৰ এক বৃহৎ পৰিৱৰ্তন আৰম্ভ হৈছে। জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। অপাৰেচন আৰু কমাণ্ডৰ দশক দশক ধৰি অভিজ্ঞতা থকা জেনেৰেল এন. ৰাজা সুব্ৰমণিয়ে জেনেৰেল অনিল চৌহানৰ স্থলাভিষিক্ত হ’ব।

দেশৰ চিডিএছ গৰাকীয়ে চৰকাৰৰ প্ৰধান সামৰিক উপদেষ্টা হিচাপে কাম কৰে আৰু সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত সমন্বয় আৰু সংহতি বৃদ্ধিত মূল ভূমিকা পালন কৰে।

Apply Now

নতুন প্ৰতিৰক্ষা মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পিছত জেনেৰেল এন. ৰাজা সুব্ৰমণিয়ে সশস্ত্ৰ বাহিনীৰ ওপৰত দেশে যি আস্থা ৰাখিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, ‘’মই প্ৰতিৰক্ষা মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি অত্যন্ত সন্মানিত হৈছো। সশস্ত্ৰ বাহিনীৰ প্ৰতি দেশে যি আস্থা ৰাখিছে তাৰ বাবে আমি কৃতজ্ঞ। ভাৰতৰ সুৰক্ষা শক্তিশালী কৰাৰ সমগ্ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ অংশ হিচাপে আমি—ভাৰতীয় সেনা, নৌসেনা, বায়ুসেনা, প্ৰতিৰক্ষা মন্ত্ৰালয়, কৌশলগত প্ৰতিষ্ঠান আৰু সকলো অংশীদাৰ একেলগে থিয় দিছো।”

তেওঁ লগতে কয়, ‘’আমি আমাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী  ‘JAI’ (জয়)-অৰ্থাৎ Jointness (সমন্বয়), Atma Nirbharta (আত্মনিৰ্ভৰশীলতা) আৰু Innovation (উদ্ভাৱন) কাৰ্যকৰী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ মূল উদ্দেশ্য হ’ব সশস্ত্ৰ বাহিনীক ৰূপান্তৰিত কৰা আৰু সমন্বয়, পাৰস্পৰিক সহযোগিতা আৰু সংহতি বৃদ্ধিৰ বাবে সাংগঠনিক সংস্কাৰ অনা। আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক কেন্দ্ৰীয় স্তম্ভ আমি আমাৰ সশস্ত্ৰ বাহিনীত থলুৱা অস্ত্ৰৰ বিকাশ, অন্তৰ্ভুক্ত আৰু একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰিম।”

কাৰ্গিল পৰ্যালোচনা সমিতিৰ পৰামৰ্শ মতে ২০১৯ চনত সৃষ্টি হোৱা চিডিএছৰ পদটো প্ৰথমে জেনেৰেল বিপিন ৰাৱটে গ্ৰহণ কৰিছিল। তিনিওটা সেৱাৰ মাজত সমন্বয় শক্তিশালী কৰাৰ লগতে সংহত পৰিকল্পনা আৰু অভিযানৰ জৰিয়তে দেশৰ সামৰিক প্ৰস্তুতি বৃদ্ধিৰ বাবে এই পদটো প্ৰৱৰ্তন কৰা হৈছে।

জেনেৰেল এন.এছ. ৰাজা সুব্ৰমণিয়ে ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ৩১ জুলাইলৈকে সেনাবাহিনীৰ ভাইচ চিফ আৰু ২০২৩ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জুনলৈকে কেন্দ্ৰীয় কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সুব্ৰমনি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ভাৰতীয় সামৰিক একাডেমীৰ প্ৰাক্তন ছাত্ৰ। ১৯৮৫ চনৰ ১৪ ডিচেম্বৰত গড়ৱাল ৰাইফলছৰ ৮ম বেটেলিয়নত নিযুক্তি লাভ কৰা তেওঁ ব্ৰিটেইনৰ জইণ্ট চাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু নতুন দিল্লীৰ নেচনেল ডিফেন্স কলেজৰো প্ৰাক্তন ছাত্ৰ। লণ্ডনৰ কিংছ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা গৱেষণাত এম.ফিল. ডিগ্ৰী লাভ কৰে।

চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত লেফটেনেণ্ট জেনেৰেল এন. ৰাজা সুব্ৰমণিয়ে বিভিন্ন কনফ্লিক্ট জোন আৰু বিভিন্ন ভূখণ্ডত সেৱা আগবঢ়াই কমাণ্ড, ষ্টাফ আৰু প্ৰশিক্ষণৰ বহু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে।

অসমত ‘অপাৰেচন ৰাইনো’ৰ অধীনত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত তেওঁ ১৬ নং গড়োৱাল ৰাইফলৰ নেতৃত্ব দিছিল। তেওঁ অতি প্ৰত্যাহ্বানমূলক আৰু জটিল পৰিস্থিতিত জম্মু আৰু কাশ্মীৰত ১৬৮ ইনফেণ্ট্ৰি ব্ৰিগেড আৰু কেন্দ্ৰীয় খণ্ডত ১৭ মাউণ্টেন ডিভিজনৰ নেতৃত্ব দিছিল। সেইদৰে তেওঁ পশ্চিম অঞ্চলত ভাৰতীয় সেনাবাহিনীৰ মূল আক্ৰমণাত্মক বাহিনী বা ‘ষ্ট্ৰাইক কৰ্পছ’ ২ কৰ্পছৰ নেতৃত্বও দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd