লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহৰ বাবে নিৰ্বাচন আয়োগে নিযুক্তি দিয়া সাধাৰণ নিৰ্বাচনী পৰ্যবেক্ষক ব্ৰুন্দাবন বেহেৰাই আজি মাজুলী জিলা ভ্ৰমণ কৰি নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ মাজুলী জিলা নিৰ্বাচন বিভাগে চলোৱা প্ৰস্তুতিৰ বুজ লয়।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ উৰিষ্যা কেডাৰৰ বিষয়া বেহাৰা গড়মূৰত উপস্থিত হোৱাৰ লগে লগে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ লগতে আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় চিন্ময় নাথ, উৎপল দলে আৰু নিৰ্বাচন বিষয়া মগেন নৰহে উষ্ম আদৰণি জনায়।
ইয়াৰ পিছত আৱৰ্ত ভৱনত নিৰ্বাচনী পৰ্যবেক্ষক গৰাকীয়ে উপায়ুক্তৰ লগতে মাজুলীৰ প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ জিলাখনৰ শেহতীয়া পৰিস্থিতি আৰু নিৰ্বাচনী গতি-বিধিৰ বুজ লয়।
উক্ত আলোচনাৰ পিছতে পৰ্যবেক্ষকগৰাকীয়ে ৰাৱনাপাৰাত এটা ভোটকেন্দ্ৰ পৰিদৰ্শন কৰাৰ উপৰি দক্ষিণপাট সত্ৰ আৰু আউনিআটী সত্ৰ দৰ্শন কৰে। সম্প্ৰতি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া, ডুমডুমা আৰু চাবুৱা বিধানসভা সমষ্টি পৰ্যবেক্ষণৰ বাবে ডিব্ৰুগড়ত বাহৰ পাতি থকা ব্ৰুন্দাবন বেহেৰাই বিয়লি মাজুলীৰ পৰা ঢকুৱাখনা হৈ ডিব্ৰুগড়লৈ উভটি যায়।