প্ৰথমবাৰৰ বাবে প্লেবয় আলোচনীৰ বেটুপাতত নগ্ন ৰাজকুমাৰী!

জাৰ্মান ৰাজকুমাৰী জেনিয়া ফ্ল’ৰেন্স গেব্ৰিয়েলা ছফী আইৰিছ। ফটোঃ সংগ্ৰহীত।

কোনোবাই ৰাজকুমাৰী হোৱাৰ বাবেই তেওঁ সদায় ৰাজকুমাৰীৰ গাউন আৰু দেহবল্লীৰৰ ভাঁজে ভাঁজে অলংকাৰ পিন্ধি ভূমুকি মাৰিব লাগেনে? নিশ্চিতভাৱে ক’তো তেনে কথা লিখা নাই। লিখা থকাৰ কথাও নাই। ৰাণী সুলভ পোছাকৰ কথা বাদেই, গাত কাপোৰো ৰখা নাছিল জাৰ্মান ৰাজকুমাৰী জেনিয়া ফ্ল’ৰেন্স গেব্ৰিয়েলা ছফী আইৰিছে! পঢ়ি চাগে চকু কপালত উঠিছে আপোনাৰ?

দৰাচলতে জেনিয়াই ঠিক এইটোৱেই কৰিছিল। প্লেবয় আলোচনীৰ স্থানীয় সংস্কৰণৰ কভাৰত টপলেছ হৈয়েই ধৰা দিছে তেওঁ। এগৰাকী ৰাজকুমাৰী বা ৰাজপৰিয়ালৰ কোনোবাই এনে সাহসী পদক্ষেপ ল’ব পাৰে, সেয়া ভাৱিয়েই বহুতে তাজ্জৱ মানিছে!

লগতে পঢ়কঃ বিজ্ঞানৰ জটিল কথাবোৰ ভিডিঅ’ৰে বুজাই প্ৰায় ৩.৩১ কোটি টকা জিকিলে ভাৰতীয় কিশোৰীয়ে

তিনি পুৰুষ আগতে জেনিয়াৰ আজোককাক আছিল চেক্সনৰ তৃতীয় ফ্ৰেডেৰিক অগাষ্টাছ। তেওঁ ১৯৩২ চনত শেষ নিশ্বাস ত্যাগ কৰে।

জাৰ্মান আলোচনী বিল্ডক জেনিয়াই কয়, ‘মই এই কামৰ জৰিয়তে ক’ব বিচাৰো যে প্ৰতিগৰাকী মহিলাই ধুনীয়া। তৃতীয় ফ্ৰেডেৰিক অগষ্ট জীয়াই থকা হ’লে মোৰ কামত অনুমোদন দিলেহেঁতেন। কাৰণ মই শুনিছিলো যে তেওঁ বৰ ধেমেলীয়া আৰু মৰমিয়াল মানুহ। মোৰ নিজেই তেওঁৰ লগত এক অদ্ভুত সম্পৰ্ক আছে।’

কিন্তু জেনিয়া নিশ্চিত যে তেওঁৰ পৰিয়ালে এই কামটো একেবাৰেই গ্ৰহণ নকৰে। তেওঁ লগতে কয়, ‘মোৰ পৰিয়ালে যদি এই আলোচনীখনৰ এটা কপি কিনে তেন্তে মই নিশ্চিতভাৱে স্তম্ভিত হ’ম। কিন্তু আশাকৰোঁ তেওঁলোকে যেন সহ্য কৰিব।’

লগতে পঢ়কঃ আই এ এছ- আই পি এছৰ সন্তান, তথাপি কিয় সংৰক্ষণ? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

তেওঁৰ পৰিয়ালটোৱে সদায় জেনিয়াৰ বিৰোধিতা কৰি আহিছে। জাৰ্মান বংশৰ হাউচ অৱ ৱেটিনৰ তেজ জেনিয়াৰ শৰীৰত বৈ গৈছে। জেনিয়াক লৈ আত্মজীৱনীৰো অস্বীকাৰ কৰিছিল।