বন্ধ নহয় যুদ্ধ! প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক

ফটো: সংগ্ৰিহীত।

জাৰ্মানীয়ে ইউক্ৰেইনলৈ ১৮ খন যুদ্ধ টেংক প্ৰেৰণ কৰিছে। বাৰ্লিনে সোমবাৰে এক প্ৰতিবেদনত এই তথ্য সদৰী কৰিছে। জাৰ্মানীয়ে ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনক এই টেংক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

লেপাৰ্ড-২ টেংক বিশ্বৰ এক আগশাৰীৰ যুদ্ধ টেংক। জাৰ্মানীৰ সেনা আৰু বহুতো ইউৰোপীয় দেশৰ সশস্ত্ৰ বাহিনীয়ে এই টেংক ব্যৱহাৰ কৰে। এই টেংক ব্যৱহাৰ কৰা ইউৰোপীৰ বাহিৰৰ দেশবোৰৰ ভিতৰত আছে কানাডা আৰু ইণ্ডোনেছিয়া ।

লগতে পঢ়ক: আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

বিশ্বই আফগানিস্তান, কছোভো আৰু চিৰিয়াৰ সংঘৰ্ষত এই ডিজেল ইঞ্জিনযুক্ত যুদ্ধ টেংকৰ ব্যৱহাৰ দেখিছে।

বাতৰি অনুসৰি, শেহতীয়া লেপাৰ্ড টেংক যোৱা শুকুৰবাৰে সীমান্ত অতিক্ৰম কৰি ইউক্ৰেইনলৈ যায়। তদুপৰি, জাৰ্মানীয়ে ইউক্ৰেইনলৈ ৪০ খন মাৰ্ডাৰ পদাতিক বাহনো প্ৰেৰণ কৰিছে।

জাৰ্মান চেঞ্চেলৰ ওলাফ শুল্ট্জে এতিয়া নেডাৰলেণ্ড ভ্ৰমণত আছে। তেওঁ কালি ৰটাৰডামত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে এক যৌথ সংবাদমেল অনুষ্ঠিত কৰিছিল। এই সময়ত শুল্ট্জক ইউক্ৰেইনলৈ টেংক যোগানৰ অগ্ৰগতিৰ বিষয়ে সোধা হৈছিল।

ইয়াৰ প্ৰত্যুত্তৰত জাৰ্মান চেঞ্চেলৰে কয়, “হয়, প্ৰতিশ্ৰুতি অনুসৰি, আমি ইউক্ৰেইনলৈ লেপাৰ্ড টেংক যোগান ধৰিছো। আমি অতি আধুনিক টেংক প্ৰদান কৰিছো।‘’

লগতে পঢ়ক: বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধী-‘প্ৰয়োজন হ’লে মই আঁতৰি যাম, কোনো কাৰণতে মিত্ৰতা নাভাঙিব’

লেপাৰ্ড-২ টেংকৰ বহুতো বৈশিষ্ট্য আছে। ইয়াৰ ডিজাইনবোৰো বেলেগ। এই টেংকখনত নাইট ভিজন সঁজুলি আৰু লেজাৰ ৰেঞ্জ ফাইণ্ডাৰ আছে, যাৰ সহায়ত লক্ষ্যৰ দূৰত্ব জোখা যায়। লেজাৰ ৰেঞ্জ ফাইণ্ডাৰে খহটা ভূখণ্ড বা খহটা মাটিৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত চলমান লক্ষ্য ভালদৰে নিৰীক্ষণ কৰাত সহায় কৰে।