দিল্লীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই চাৰি বছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।
অপহৰণ সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ চাৰি বছৰ ধৰি কৰি অহা তদন্তৰ অন্তত সোমবাৰে গাজিয়াবাদ আৰক্ষীয়ে চুবুৰীয়াৰ ঘৰত পুতি থোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিছে।
মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীয়ে মৃত ব্যক্তিগৰাকীৰ পত্নীয়ে চুবুৰীয়া ব্যক্তিগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি দাবী কৰিছে আৰু দুয়োৱে মিলি এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে।
উল্লেখ্য যে সবিতা নামৰ মহিলাগৰাকীয়ে ২০১৮ চনত তেওঁৰ স্বামী চন্দ্ৰ বীৰ অপহৰণ হোৱা বুলি গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছত আৰক্ষীৰ তদন্তৰ সময়ছোৱাত মহিলাগৰাকীয়ে চন্দ্ৰ বীৰৰ সৰু ভায়েকৰ ওপৰত দোষ আৰোপ কৰিবলৈ চেষ্টা কৰি আহিছিল।
গাজিয়াবাদৰ আৰক্ষী অধীক্ষক দীক্ষা শৰ্মাই ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে আৰক্ষীৰ অপৰাধ শাখাই শেহতীয়াকৈ তদন্তত কিছু নতুন তথ্যৰ দ্বাৰ গতি লাভ কৰিছে। অৱশ্যে উদ্ধাৰ হোৱা তথ্য-প্ৰমাণ সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ পৰা তেওঁ আঁতৰি থাকে।
অৱশ্যে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিক অৰুণৰ সৈতি মিলি নিজ স্বামীক গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পিছত তেওঁক অৰুণৰ ঘৰতে প্ৰায় সাত ফুট দ এটা গাঁতত সমাধিস্থ কৰিছিল।
গাঁতটো চিমেণ্টৰ মজিয়াৰে ঢাকি অৰুণে দীৰ্ঘদিনৰ পৰা এই ঘৰটোতে বাস কৰি আহিছিল। চাৰি বছৰ ধৰি পুতি থোৱা চন্দ্ৰ বীৰৰ মৃতদেহটো কালি উদ্ধাৰৰ সময়ত কংকাললৈ পৰিণত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষী বিষয়া গৰাকীয়ে লগতে দুয়ো অভিযুক্ত হত্যাকাৰীয়ে হত্যাৰ পূৰ্বেই গাঁতটো সাজু কৰি ৰাখিছিল বুলি নিজ ভাষ্যত উল্লেখ কৰিছে। হত্যাত ব্যৱহৃত এটা পিষ্টল আৰু এখন কুঠাৰো উদ্ধাৰ কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিছে।