দেশৰ গ্ৰাহক সংগঠনসমূহৰ যৌথ মঞ্চৰ গভৰ্নিং কাউন্সিললৈ নিৰ্বাচিত অসমৰ অজয় হাজৰিকা

Ajoy Hazarika

অজয় হাজৰিকা, বাঁওফালৰ পৰা তৃতীয়জন। ফটো ফে'চবুকৰ পৰা সংগৃহীত।

দেশৰ গ্ৰাহক সংগঠনসমূহৰ যৌথ মঞ্চ ‘কনজিউমাৰ ক’-অৰ্ডিনেশ্বন কাউন্সিল’ৰ গভৰ্নিং কাউন্সিললৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে অসমৰ অজয় হাজৰিকা।

যোৱা শনিবাৰে বিয়লি নতুন দিল্লীৰ ‘গান্ধী পীচ ফাউণ্ডেশ্বন’ত অনুষ্ঠিত ‘কনজিউমাৰ ক’ অৰ্ডিনেশ্বন কাউন্সিল’ৰ নিৰ্বাচনত উত্তৰ-পূবৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰি অজয় হাজৰিকা গভৰ্নিং কাউন্সিললৈ নিৰ্বাচিত হয়।

দেশৰ আগশাৰীৰ ৮৪ টা গ্ৰাহক সংগঠনৰ উমৈহতীয়া মঞ্চ ‘কনজিউমাৰ ক’ অৰ্ডিনেশ্বন কাউন্সিল’ৰ সৰ্বোচ্চ নীতি নিৰ্দ্ধাৰক কমিটি ‘গভৰ্নিং কাউন্সিল’ৰ এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰ থকা দেশৰ বিভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰা ২৮টা গ্ৰাহক সংগঠনৰ প্ৰতিনিধিয়ে ভোটদান কৰিছিল।

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ২৬টা ভোট লাভ কৰা অজয় হাজৰিকাই ইয়াৰ পূৰ্বে ২০১৫ চনত অনুষ্ঠিত নিৰ্বাচনতো সৰ্বাধিক সংখ্যক ভোট পাই পূৰ্বোত্তৰৰ ৰাজ্য সমূহৰ প্ৰতিনিধিৰূপে প্ৰথমবাৰৰ কাৰণে গভৰ্নিং কাউন্সিললৈ নিৰ্বাচিত হৈছিল।

প্ৰত্যেক ৩ বছৰৰ মূৰে মূৰে ‘কনজিউমাৰ ক’-অৰ্ডিনেশ্বন কাউন্সিল’ৰ ৯ জনীয়া গভৰ্নিং কাউন্সিললৈ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে।

পেছাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় হাজৰিকাই ২০০৮ চনৰ পৰাই ‘কনজিউমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰাম’ৰ সচিব হিচাপে অসম তথা উত্তৰ-পূবৰ গ্ৰাহকৰ অধিকাৰৰ হকে কাম কৰি আছে।