অধ্যক্ষ, অধ্যাপক, লাইব্ৰেৰীয়ান, নাৰ্চ, কেণ্টিন মেনেজাৰ, ৰান্ধনিকে ধৰি জি আই এম টিত একাধিক খালী পদত আবেদন আহ্বান

gimt

জি আই এম টিৰ লগো

গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি আই এম টি)ত অধ্যক্ষ, অধ্যাপক, সহকাৰী লাইব্ৰেৰীয়ান, নাৰ্চ, কেন্টিন মেনেজাৰ ৱাৰ্ডেন, ৰান্ধনীকে ধৰি একাধিক খালী পদত যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম : অধ্যক্ষ

অৰ্হতা : এ আই চি টি ইৰ নিয়ম অনুসৰি।

পদৰ নাম : অধ্যাপক, সহকাৰী অধ্যাপক

বিভাগ : চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ চায়েঞ্চ ইঞ্জিনিয়াৰিং।

অৰ্হতা : এই আই চি টি ইৰ নিয়ম অনুসৰি।

পদৰ নাম : সহকাৰী লাইব্ৰেৰীয়ান

অৰ্হতা : ৫৫ শতাংশ নম্বৰ সহ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। যিকোনো লাইব্ৰেৰীত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম : পৰামৰ্শদাতা

বিভাগ : জি আই এম টি পৰামৰ্শ কেন্দ্ৰ

অৰ্হতা : মনোবিজ্ঞান/ ক্লিনিকেল মনোবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী। পৰামৰ্শদাতা বিভাগত এম ফিল অথবা ডিপ্লমা। মনোৰোগ বিজ্ঞানত এম ডি।

পদৰ নাম : নাৰ্চ

অৰ্হতা : বি এচ চি নাৰ্চিং অথবা জি এন এম

পদৰ নাম : ৱাৰ্ডেন (মহিলা)

বিভাগ : জি আই এম টি ছাত্ৰী নিৱাস

অৰ্হতা : যিকোনো বিভাগৰ স্নাতক লগতে হোষ্টেলত তিনিবছৰ কাম কৰাৰ অভিজ্ঞতা।

পদৰ নাম : কেণ্টিন মেনেজাৰ

বিভাগ : জি আই এম টি কেণ্টিন

অৰ্হতা : ফুড চাৰ্ভিছ মেনেজমেন্ট বিভাগৰ স্নাতক/ হোটেল মেনেজমেণ্ট। দুই বছৰ অভিজ্ঞতা থকা লোকক অগ্ৰাধিকাৰ দিয়া হ’ব।

পদৰ নাম : ৰান্ধনি

বিভাগ : জি আই এম টি কেণ্টিন

অৰ্হতা : নিম্নতম দুইবছৰৰ অভিজ্ঞতা থকা হ’ব লাগিব।

কেনেদৰে আৱেদন কৰিব :  আবেদনকাৰীয়ে আবেদন পত্ৰৰ লগত চিভি, পাচপোৰ্ট চাইজ ফটো, মৰ্কশ্বিটকে ধৰি সকলো প্ৰয়োজনীয় নথি পত্ৰৰ ফটোষ্টেট কপি তলত উল্লেখ কৰা ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

ঠিকনা :  The Secretary, Shrimanta Shankar Academy and send to Girijananda Chowdhury Institute of Management and Technology (GIMT), Azara,Hatkhowapara, Guwahati- 781017

আবেদনৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০১৯