NORTHEAST NOW (Assamese)

গাৰো পাহাৰৰ পৰা অপহৃত হোৱা অসমৰ আদা ব্যৱসায়ীক উদ্ধাৰ

November 14, 2018 4:42 pm · এন ই নাও নিউজ
Updated: November 14, 2018 4:43 pm

আৰক্ষী আৰু আশ-পাশৰ এলেকাৰ বাসিন্দাসকলৰ একত্ৰিত প্ৰচেষ্টাত পূব গাৰো পাহাৰ জিলাৰ ৰংছাক গাঁৱৰ পৰা অপহৃত হোৱা অসমৰ আদা ব্যৱসায়ী তাপস দে’ক (পূৰ্বে ভুলক্ৰমে মাঝি বুলি প্ৰকাশিত হৈছিল) উদ্ধাৰ কৰিব পৰা গৈছে।
অপহৰণকাৰীসকলে আৰক্ষীৰ দ্বাৰা চালাচী অভিযান চলোৱাৰ কথা জানিব পাৰি তাপস দে’ক জংঘলত এৰি থৈ পলায়ন কৰে আৰু ব্য সমগ্ৰ নিশা জংঘলৰ মাজতেই অতিবাহিত কৰে। পুৱতি নিশা অপহৰণকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱা তাপস দে’ই জঘলখনৰ সমীপস্থ বনছামগ্ৰি গাঁৱত উপস্থিত হয়। এই গাঁৱতেই তেওঁৰ আশ্ৰয় আৰু শোৱাৰ ব্যৱস্থা কৰা হয়।
তাৰ পাছত গাঁৱবাসীসকলে ৰংছাক আৰক্ষীক ঘটনাটো অৱগত কৰে আৰু আৰক্ষীয়ে গৈ তেওঁক উইলিয়াম নগৰলৈ লৈ আহে।
তাপস দে’ৰ অপহৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ১৩ নৱেম্বৰ মঙলবাৰে এজন লোকক আটক কৰে। লোকজনক ৰংছাক গাঁৱৰ ছালস্ৰাং ওৰফে মোগো বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ জেৰাত লোকজনে স্বীকাৰ কৰিছে যে কেইগৰাকীমান লোকে অপহৰণৰ পৰিকল্পনা কৰাৰ সন্দৰ্ভত তেওঁ অৱগত। তেওঁ অপহৰণকাৰী দলটোৰ সদস্যসকলৰ নামো প্ৰকাশ কৰিছে।
তাপস দে’ৰ অপহৰণ সন্দৰ্বত চিয়াদিং আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বাকী অপহৰণকাৰী সদস্যকেইজনক আটক কৰাৰ বাবে এটা তালাচী অভিযান আৰম্ভ কৰা হৈছে।

Related News