আজি ২৫ ছেপ্তেম্বৰ, বিশ্ব ফাৰ্মাচী দিৱস।
এই উপলক্ষে তেজপুৰৰ কুন্দাৰবাৰীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ্ ফাৰ্মাচিউটিকেল ছায়েন্সত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় বিশ্ব ফাৰ্মাচী দিৱস।
পুৱা ১০ বজাত প্ৰতিষ্ঠান চৌহদত শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰ দ্বাৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।
পতাকা উত্তোলন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড° আব্দুল বাকী আহমেদে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জি আই এম টি – তেজপুৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ডিপল বৰুৱা।
বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে প্ৰতিষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়।
সন্মানীয় অধ্যক্ষদ্বয়ে বন্তি প্ৰজ্জ্বলন কৰাৰ পিছতে চেমিনাৰ হলত মুকলি সভা অনুষ্ঠিত হয়।
সভাৰ আদৰণি ভাষণত অধ্যক্ষ ড° আহমেদে ফাৰ্মাচিষ্ট দিৱসৰ যথাৰ্থতা, ইয়াৰ ইতিহাস তথা প্ৰয়োজনীতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি বিশ্ব ফাৰ্মাচিষ্ট দিৱস ২০২১ বৰ্ষৰ বিষয়বস্তু “Pharmacy : Always Trusted for Your Health” শীৰ্ষক এক মননশীল বক্তৃতা আগবঢ়ায়।
আমন্ত্ৰিত অতিথিৰ ভাষণত ড° ডিপল বৰুৱাই ফাৰ্মাচিষ্ট সকলক ডাক্তৰ আৰু ৰোগীৰ মাজত এখন সাঁকো বুলি উল্লেখ কৰে, যিখন সাঁকো ফাৰ্মাচিষ্ট পেছাদাৰী সকলে সমাজৰ সহযোগত সুদৃঢ় কৰি ল’ব লাগিব বুলি তেওঁ কয়।
সমান্তৰালভাবে কেইবাজনো অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীয়ে সভাত বক্তৃতা প্ৰদান কৰে।
তাৰপাছত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰে।
ডি°ফাৰ্ম দ্বিতীয় বৰ্ষৰ ছাত্ৰসকলে চিকিৎসা আৰু অন্ধবিশ্বাসক মূল বিষয়বস্তু হিচাপে লৈ এখন সজাগতা মূলক নাট মঞ্চস্থ কৰে।
ছাত্ৰ সিদ্ধান্ত শৰ্মাই ফাৰ্মাচীৰ পিতৃ বুলি অভিহিত গেলনৰ চিত্ৰ থিতাতে অংকন কৰাৰ লগতে বিভিন্নজনে গীত-নৃত্য প্ৰদৰ্শন কৰে।
অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহ: অধ্যাপক তথা অনুষ্ঠানটোৰ পৃষ্ঠপোষক সন্দীপন চৌধুৰীয়ে।