• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 4:54 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ গুৱাহাটী আৰু তেজপুৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা অধ্যয়ন বিভাগৰ মুৰব্বী তথা প্ৰখ্যাত লোককথাবিদ পদ্মশ্ৰী অধ্যাপক অনিল কুমাৰ বড়োৱে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত মুখ্য অতিথি হিচাপে প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়।

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱ ছ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসে আদৰণি ভাষণ প্ৰদান কৰে। তাৰ পাছত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য জয়ন্ত ডেকাই তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক নৈতিক মূল্যবোধ অক্ষুণ্ণ ৰাখি সমাজলৈ অৰিহণা যোগোৱাৰ লগতে শৈক্ষিক কৃতকাৰ্যতা অৰ্জন কৰিবলৈ উৎসাহিত কৰে। উপাচাৰ্য কন্দৰ্প দাসে বিগত এটা বছৰত বিশ্ববিদ্যালয়খনৰ আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যকলাপৰ বিশদ আভাস দাঙি ধৰে। দাসে নিজৰ ভাষণত সমতা, সহানুভূতি আৰু সবলীকৰণৰ মৌলিক মূল্যবোধসমূহৰ কথা উল্লেখ কৰি মাত্ৰ তিনি বছৰৰ ভিতৰতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অনিৰুদ্ধ যাত্ৰাৰ বিষয়ে স্মৰণ কৰে।

Apply Now

ইয়াৰ পাছত পদ্মশ্ৰী অধ্যাপক অনিল কুমাৰ বড়োৱে প্ৰতিষ্ঠা দিৱসৰ মূল বক্তৃতা প্ৰদান কৰে য’ত বড়োৱে দ্ৰুত বিশ্বায়নৰ মাজত অসমৰ চহকী মৌখিক পৰম্পৰা আৰু সাংস্কৃতিক আখ্যানসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বক্তৃতাৰ পাছতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্সৰ ড০ অনিষা বৰদলৈ, ড০ ভাস্বতী শৰ্মা আৰু ড০ বন্দিতা বৰুৱাৰ সম্পাদনাত ৰচিত ‘এছিয়া ইন পাৰ্চপেক্টিভ: কালচাৰ, ইকনমি এণ্ড ছ’চাইটি’ শীৰ্ষক গ্ৰন্থৰ আনুষ্ঠানিক উন্মোচন কৰা হয়।

ইয়াৰ পূৰ্বে পুৱাৰ এনচিচিৰ চেলুটেৰে পতাকা উত্তোলন অনুষ্ঠান আৰু শিক্ষাৰ্থী-অধ্যাপকৰ সজীৱ কেম্পাছ পেৰেডেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। পুৱা এখন আন্তঃশিক্ষানুষ্ঠান কুইজ অনুষ্ঠিত হয়, য’ত সমগ্ৰ গুৱাহাটীৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ৬০টাৰো অধিক দলে অংশগ্ৰহণ কৰিছিল। এই কুইজৰ বিষয় আছিল- সাধাৰণ জ্ঞান আৰু অসমৰ দুই প্ৰাতস্মৰণীয় অসমীয়া শিল্পী ড° ভূপেন হাজৰিকা তথা জুবিন গাৰ্গৰ চহকী সাংস্কৃতিক কৃতি। প্ৰতিযোগিতাৰ অন্তত শীৰ্ষ ছয়টা দলক পুৰস্কাৰ প্ৰদান কৰা হয়, প্ৰথম পুৰস্কাৰ লাভ কৰে নলবাৰী কলেজৰ বিবেক বৰ্মন আৰু বনদীপ শৰ্মাই।

বিয়লি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লোক, ধ্ৰুপদী আৰু আধুনিক নৃত্যৰ পৰিবেশনৰ লগতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এনএছএছ ইউনিট ২ৰ দ্বাৰা আয়োজিত অন্ধবিশ্বাস আৰু সামাজিক সজাগতাৰ বিষয়বস্তুৰ ওপৰত এখন প্ৰাঞ্জল বাটৰ নাট প্ৰদৰ্শন কৰে।

ইয়াৰোপৰি তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চৌহদৰ উদযাপনত স্কুল অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ (এছ অ’ পি এছ) অধ্যক্ষ অধ্যাপক আব্দুল বাকী আহমেদে অধ্যাপক, কৰ্মচাৰী, আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত শোণিতপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ অংগনা শৰ্মাই এক বক্তৃতা প্ৰদান কৰি বহনক্ষম কৃষি পদ্ধতি আৰু বাণিজ্যিক উদ্যান শস্যৰ ওপৰত তেওঁৰ বিশেষজ্ঞতা আৰু দৃষ্টিভংগীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm
২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd