অসমৰ আগশাৰী ব্যক্তিখণ্ডৰ উচ্চ শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৭ অক্টোবৰ ২০২৩ তাৰিখে প্ৰথম বৰ্ষ পূৰ্তি উপলক্ষে বিশ্ববিদ্যালয়ৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে অত্যন্ত উলহ মালহেৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
উল্লেখযোগ্য যে ২০০৬ চনত শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ অধীনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী আৰু ২০০৭ চনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েঞ্চে প্ৰতিষ্ঠা লাভ কৰে। এইকেইখন শৈক্ষিক প্ৰতিষ্ঠান আছিল উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ প্ৰথম প্ৰতিষ্ঠান। পৰৱৰ্তী ২০২২ চনৰ ১৭ অক্টোবৰত ই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হয়।
অসমৰ প্ৰযুক্তি আৰু বৃত্তিমুখী শিক্ষালৈ প্ৰভূত বৰঙণি যুগুৱা শ্ৰীমন্ত শংকৰ একাডেমী (এছ এছ এ) ছ’চাইটিৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আজি প্ৰথমটো প্ৰতিষ্ঠা দিৱস পালন কৰে।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড০ কন্দৰ্প দাস আৰু শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি যশোদাৰঞ্জন দাসৰ পতাকা উত্তোলন আৰু ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসত এক বৃক্ষ ৰোপন কাৰ্যসূচী হাতত লয়।
তাৰ পাছতেই বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আজাৰালৈ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এটি সাংস্কৃতিক সমদল উলিওৱা হয়। এই সমদলত ভাৰতৰ বাৰেৰহনীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সাজ পোচাক, কৃষ্টি সংস্কৃতি, পৰম্পৰা আদিক সমদলত ভাগ লোৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজেৰে প্ৰতিফলিত কৰে।
দিনৰ ১১ বজাৰ পৰা হোৱা সাধাৰণ সভাত শ্ৰীমন্ত শংকৰ একাডেমী গোষ্ঠীৰ সভাপতি যশোদাৰঞ্জন দাসে আদৰণী ভাষণ ৰাখে। ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড০ কন্দৰ্প দাসে।
ভাষণ প্ৰসংগত তেখেতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক ক্ষেত্ৰৰ সামগ্ৰিক অগ্ৰগতিৰ আভাস বি্স্তৃতভাৱে দাঙি ধৰে।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক তথা ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ,গুৱাহাটীৰ সঞ্চালক অধ্যাপক ড০ গৌতম বৰুৱা। অধ্যাপক ড০ গৌতম বৰুৱাই জেনেৰেটিভ এআইৰ বিষয়টোৰ ওপৰত এক অন্তৰ্দৃষ্টিসম্পন্ন বক্তৃতা প্ৰদান কৰি দৰ্শকক মোহিত কৰে।
অসম সংগীতেৰে সামৰণি পৰা সভাত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ দীপাংকৰ সাহাই l