NORTHEAST NOW (Assamese)

বন্দে ভাৰত ট্ৰেইনৰ সন্মুখত জপিয়ালে ১৫ বছৰীয়া কিশোৰীয়ে! ব্ৰেক মাৰিও প্ৰাণ বচাব নোৱাৰিলে চালকে

December 25, 2024 7:26 pm · এন ই নাও নিউজ, গুৱাহাটী

বান্দে ভাৰত এক্সপ্ৰেছ তীব্ৰ বেগেৰে চলি আছিল। হঠাৎ ৰেলৰ সন্মুখত এগৰাকী নাবালক ছোৱালী আহে। তেওঁক বচাবলৈ ব্ৰেকৰো কোনো কাম নাহিল। ৰেলখন তেওঁৰ ওপৰেৰে দৌৰি গল।  যাৰ ফলত ১৫ বছৰীয়া কিশোৰীৰ থিতাতে মৃত্যু হয়!

উত্তৰ প্ৰদেশৰ পাটুলকী গাঁৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা। তথ্য লাভ কৰাৰ পাছতে দৰিয়াবাদ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। সেই থানাৰ SHO মনোজ সোণকাৰে কয় যে প্ৰাৰম্ভিক তদন্ত এয়া আত্মহত্যাৰ গোচৰ যেন লাগিছে। অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আৰক্ষীয়ে এৰাই চলা নাই।

জানিব পৰা মতে, মঙলবাৰে হঠাতে অযোধ্যাৰ পৰা লক্ষ্ণৌলৈ যোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ সন্মুখলৈ আহিছিল মৃতক। মৃত্যু হোৱাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহটো উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাত মৰণোত্তৰ পৰীক্ষা কৰা হব। তদন্তকাৰীয়ে এই ঘটনা কেনেকৈ সংঘটিত হয় তাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে।

Related News