• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশলৈ ভ্ৰূক্ষেপ নাই বোকাখাত পৌৰসভাৰ; বোকাখাত লতাবাৰীৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰত বিলম্ব

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
December 25, 2024 8:02 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰি পৰিৱেশন, আৰ.টি. আই কৰ্মী ৰুহিত চৌধুৰীৰৰ এলানী তথ্য উন্মোচন আদিৰ প্ৰভাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰদূষণৰ অন্যতম কাৰক হৈ উঠা বোকাখাতৰ লতাবাৰীস্থিত ডাম্পিং গ্ৰাউণ্ডক অন্য ঠাইলৈ উঠাই নিবলৈ নিৰ্দেশ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই।

বিগত ১০/৯/২৪ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড⁰ সোনালী ঘোষ স্বাক্ষৰিত এখন পত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ কঢ়িয়াই অনাৰ বাবেই এই ডাম্পিং গ্ৰাউণ্ডক অন্য ঠাইলৈ উঠাই নিবলৈ বোকাখাত পৌৰ সভালৈ এই নিৰ্দেশ দিয়া হৈছে।

Apply Now

লতাবাৰী ডাম্পিং গ্ৰাউণ্ডে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যোৱা আৰু উদ্যানখনৰ হৃদপৃণ্ড স্বৰূপ ডিফলু নদীক ভয়াবহ ভাৱে প্ৰদুষিত কৰি উদ্যানখনৰ জীৱকুললৈ অশনি সংকেট কঢ়িয়াই আনিছিল।

ইয়াৰ উপৰিও লতাবাৰী অঞ্চলৰ বৃহত্তৰ কৃষি পথাৰলৈও বিয়পাইছিল ভয়াবহ প্ৰদূষণ।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙাৰেই হৃদপৃণ্ড বুলি পৰিচিত ডিফলু নৈ লৈ ভয়াবহ ভাবুকি কঢ়িয়াই অনা বোকাখাতৰ লতাবাৰীস্থিত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে লোৱা হোৱা নাছিল কোনো চৰকাৰী  অনুমতি। এই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা কোনো অনুমতি লোৱা নাছিল তদানীন্তন বোকাখাত পৌৰ সভাই । এই ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বোকাখাত পৌৰ সভাৰ পৰা পোৱা নাছিল কোনো পত্ৰ। ইফালে এই ডাম্পিং গ্ৰাউণ্ডটো নিৰ্মাণৰ লগে লগেই বোকাখাত পৌৰ সভাই ভংগ কৰিছিল Solid Waste Management Rules (SWMR), 2016। বিগত ২৯/৮/২৪ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই  বিস্ফোৰক তথ্য প্ৰকাশ কৰিছিল RTI কৰ্মী ৰুহিত চৌধুৰীয়ে।

ইয়াৰ উপৰিও ২০১৬ -১৭ চনতে স্থাপন কৰা এই ডাম্পিং গ্ৰাউণ্ডটোৰ নিৰ্মান কাৰ্যত ব্যাপক দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছিল। ডাম্পিং গ্ৰাউণ্ড নিৰ্মানৰ নামত নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ণ পুঁজি ১কোটি ৫২ লাখ ৭৪ হাজাৰ টকা‌ সৰকাই নিয়াৰ অভিযোগ উঠিছিল তদানীন্তন বোকাখাত পৌৰ সভাৰ একাংশ বিষয়ববীয়াৰ উপৰিও দৰ্শন গোঁহাই আৰু জ্যোতিৰ্ময়ী বৰদলৈ নামৰ দুজন ঠিকাদাৰে।

কিন্তু দুৰ্ভাগ্য, বিগত ১০/৯/২৪ তাৰিখ অৰ্থাৎ তিনিমাহ পূৰ্বেই প্ৰেৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড⁰ সোনালী ঘোষ স্বাক্ষৰিত নিৰ্দেশ পত্ৰখনলৈ কানসাৰ কৰা নাই বোকাখাত পৌৰসভাই। বৰং এতিয়াও ডাম্পিং গ্ৰাউণ্ড খনৰ আন্তঃগাঠনি কাম নতুনকৈ নিৰ্মাণ কৰি থকাহে পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰে আগষ্ট মাহত বোকাখাত নগৰৰ স্বচ্ছতাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে স্বচ্ছ ভাৰত অভিযান, নগৰীয়া ২.০ৰ অধীনত বোকাখাতৰ লতাবাৰীস্থিত উক্ত ডাম্পিং গ্ৰাউণ্ডতে  ৫৫.৩৬ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ‘বলগীয়া এটা বিজ্ঞানসন্মত জাৱৰ নিষ্কাষণ প্ৰকল্পৰ আধাৰশিলা পুনৰ স্থাপন কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই।

প্ৰশ্ন হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লতাবাৰী ডাম্পিং গ্ৰাউণ্ড খনে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি স্পষ্ট হোৱাৰ পাছতো কি ৰহস্যজনক কাৰণত উক্ত স্থানতে ডাম্পিং গ্ৰাউণ্ডৰ আন্তঃগাঠনিৰ নামত প্ৰথমে ১কোটি ৫২ লাখ ৭৪ হাজাৰৰ বৃহৎ পুঁজিৰ পাছত এইবাৰ ৫৫.৩৬ লাখ টকাৰ এই বৃহৎ ৰাজহুৱা ধনৰ অপচয়ৰ বাবে বোকাখাত পৌৰসভা কিয় উঠিপৰি লাগিছে এই লৈ সন্দেহ ব্যক্ত কৰিছে সচেতন মহলে।

পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ডিফলু নৈৰ প্ৰতি ভাবুকি অহাক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে সচেতন মহল। এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সমগ্ৰ বিষয়তোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে গোলাঘাটৰ জেষ্ঠ সাংবাদিক তথা বিশিষ্ট পৰিবেশকৰ্মী অপূৰ্ব বল্লৱ গোস্বামীয়ে।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd