প্ৰেমিকক গছত বান্ধি থৈ যুৱতীক দলবদ্ধ ধৰ্ষণ! পুনেত ভয়ংকৰ ঘটনা

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰেমিকৰ সৈতে খোজকাঢ়ি গৈ থকা অৱস্থাত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী যুৱতী। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই জঘণ্য কাণ্ড। এগৰাকী ২১ বছৰীয়া যুৱতীক প্ৰেমিকৰ পৰা কাঢ়ি নিয়াৰ পিছত তিনিজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ তদন্তৰ অন্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও বাকী অভিযুক্তসকল পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নিশা যুৱতীগৰাকীয়ে নিজৰ সংগীৰ সৈতে পুনেৰ বোপাদেৱ ঘাট অঞ্চলত ফুৰিবলৈ গৈছিল। ইজনে সিজনৰ হাতত ধৰি ঘূৰি ফুৰোতে হঠাৎ গাড়ী লৈ অভিযুক্তসকল তাত উপস্থিত হয়। নিজকে সমাজকৰ্মী বুলি পৰিচয় দি অভিযুক্তসকলৰ যুক্তি যে সেই অঞ্চলত এনেদৰে হাতত ধৰি ঘূৰি ফুৰিব নোৱাৰে। অভিযোগ অনুসৰি অনুমতি অবিহনে দুয়োৰে বলপূৰ্বকভাৱে ফটোও তুলিছিল।

লগতে পঢ়কঃ হাৰিয়ানা নিৰ্বাচন! বিধানসভাৰ ৯০ খন আসনৰ বাবে আজি আৰম্ভ হৈছে ভোটদান

এই বিষয়ত আপত্তি কৰাৰ বাবে তিনিওজন অভিযুক্তই তেওঁলোকক আক্রমণ কৰে। যুৱকক বেল্টেৰে গছত বান্ধি যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। পিছত তেওঁক তাতেই এৰি পলাই যায়। বিষয়টো স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

শুকুৰবাৰে পুৱা অভিযোগৰ খবৰ দিয়াৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি এজন লোকক গ্ৰেপ্তাৰ কৰে। অভিযুক্তক জেৰা কৰাৰ অন্তত আৰক্ষীয়ে বাকীকেইজনৰ সন্ধান আৰম্ভ কৰে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ শৰীৰত একাধিক আঘাতৰ চিন আছে।

লগতে পঢ়কঃযাদুকৰী উপায়! পুৱা শুই উঠাৰ পিছতে মানি চলক এই ৭টা অভ্যাস; সোনকালে কমিব ওজন

জানিব পৰা মতে, ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে। মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। শাৰদ পাৱাৰৰ গোটৰ এন চি পি নেত্ৰী সুপ্ৰিয়া ছুলেই শিণ্ডে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।