মঙলবাৰে পুৱাই জাগীৰোডৰ চাকুমাকু গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰি বিফল হোৱাৰ পিছতে যুৱতীগৰাকীক ছুৰীকাঘাত কৰাৰ ঘটনাই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
অভিযুক্ত লম্পট যুৱকক খুঁটাত বান্ধি ৰাইজে দিলে উত্তম-মধ্যম৷ যুৱকৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিলে স্থানীয় উত্তেজিত লোকে৷
অভিযোগ অনুসৰি ৰম কুমাৰ বিশ্বাস নামৰ লম্পট চৰিত্ৰৰ যুৱকজনে অসৎ চৰিতাৰ্থ পূৰণৰ বাবে নিশা খিৰিকিৰে প্ৰৱেশ কৰিছিল একে গাঁৱৰে এগৰাকী যুৱতীৰ কোঠাত৷ যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰিবলৈ লওতেই মুখত সোপা মাৰি ধৰে আৰু নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিব নোৱাৰি যুৱতীগৰাকীৰ পেটত ছুৰীকাঘাত কৰি পলায়ন কৰে লম্পটটোৱে ৷
পুৱা এই খবৰ বিয়পি পৰাৰ লগে লগে যুৱকজনক ৰাইজে কৰায়ত্ত কৰে ৷ একাংশ ৰাইজে লম্পট যুৱকজনক খুঁটাত বান্ধি উত্তম-মাধ্যম শোধায়৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগে লগে স্থাানীয় একাংশ উত্তেজিত ৰাইজে হাতে হাতে লাঠি, কোৰ লৈ আক্ৰমণ কৰে যুৱকজনৰ ঘৰত৷ পুৰুষ মহিলা সকলোৱে মিলি ভাঙি লণ্ড-ভণ্ড কৰে যুৱকজনৰ বাসগৃহ ৷
যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও বহু অসামাজিক কামত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে যুৱতীগৰাকীক বহুদিনৰ পৰা অশালীন মন্তব্য কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে ৷
যুৱতীগৰাকীৰ অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি কলেজলৈ যোৱাৰ পথত অশালীন ইংগিত প্ৰদান কৰাৰ লগতে যুৱতীগৰাকীক উদ্দেশ্যি অশালীন মন্তব্য কৰি আহিছিল লম্পট ৰম কুমাৰে৷ লম্পটটোৰ বিৰুদ্ধে অসামাজিক কৰ্মত লিপ্ত থকাৰ অভিযোগত জাগীৰোড আৰক্ষী থানাত কেইবাটাও গোচৰ থকা বুলিও জনায় স্থানীয় লোকে ৷
পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ লোকৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷ জাগীৰোড আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷