• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 7:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ ৰাস্তাত হঠাৎ এখন বিশেষ গাড়ীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। গাড়ীখনৰ বাহিৰভাগত দেখা গ’ল প্ৰায় ৩৪০০টা চুমাৰ চিহ্ন। সামাজিক মাধ্যমত গাড়ীখনৰ ছবি ভাইৰেল হোৱাৰ পাছতে ঘটনাটোৱে লাভ কৰিলে ব্যাপক চৰ্চা।

গাড়ীখনৰ মালিক আছিল আদিত্য সিকৰৱাৰ। জানিব পৰা মতে, বিদেশী সামাজিক মাধ্যমৰ এটা ট্ৰেণ্ড দেখি আদিত্যৰ প্ৰেমিকাই সেই একে ধৰণেৰে গাড়ীখন সজোৱাৰ সিদ্ধান্ত লৈছিল। তাৰ পাছত এটাৰ পাছত এটাকৈ প্ৰায় ৩৪০০টা লিপষ্টিকৰ চুমাৰ চিহ্ন গাড়ীখনত আঁকা হয়। এই অভিনৱ কামটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগিছিল প্ৰেমিকাৰ।

Apply Now

চুমাৰ চিহ্নৰে ভৰা গাড়ীখন ৰাস্তাত ওলোৱাৰ লগে লগে মানুহৰ কৌতূহলৰ কেন্দ্ৰ হৈ পৰে। বহুতে গাড়ীখনৰ ছবি আৰু ভিডিঅ’ তুলি সামাজিক মাধ্যমত পোষ্ট কৰে। অতি কম সময়ৰ ভিতৰতে সেই ছবিসমূহ ভাইৰেল হৈ পৰে।

ভাইৰেল ছবিত স্পষ্টকৈ দেখা গৈছিল গাড়ীখনৰ নম্বৰ প্লেট। এই নম্বৰৰ সহায়তেই ট্ৰেফিক আৰক্ষীয়ে গাড়ীখন চিনাক্ত কৰি বিচাৰি উলিয়ায়। পিছত আৰক্ষীয়ে গাড়ীখন জব্দ কৰি মালিক আদিত্য সিকৰৱাৰক মাতি আনে।

আৰক্ষীয়ে গাড়ীখনৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছত আদিত্যৰ বিৰুদ্ধে ৫,৫০০ টকাৰ চালান জাৰি কৰা হয়।

আৰক্ষীৰ ব্যৱস্থাৰ পাছত আদিত্য সিকৰৱাৰে নিজৰ ভুল স্বীকাৰ কৰে। পিছত গাড়ীখন ধুই সকলো লিপষ্টিকৰ চুমাৰ চিহ্ন আঁতৰাই পেলোৱা হয়। মুহূৰ্ততে সামাজিক মাধ্যমৰ ‘কিছ কাৰ’ হৈ পৰা গাড়ীখন পুনৰ সাধাৰণ ৰূপলৈ ঘূৰি আহিল।

প্ৰেমৰ চিন দেখুৱাবলৈ কৰা এই অভিনৱ কাণ্ড শেষত প্ৰেমিকৰ বাবে হ’ল ৫,৫০০ টকাৰ শিক্ষা। সামাজিক মাধ্যমৰ ট্ৰেণ্ড কেতিয়াবা মজাৰ হ’ব পাৰে, কিন্তু ৰাজপথত সেই ট্ৰেণ্ডৰ মূল্য যে যথেষ্ট গধুৰ হ’ব পাৰে, গোৱালিয়ৰৰ এই ঘটনাই সেয়াই দেখুৱালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd