NORTHEAST NOW (Assamese)

প্ৰেয়সীৰ গোপন ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰেমিকৰ : খঙত প্ৰেমিকৰ যৌনাংগ কাটিলে প্ৰেমিকাই

February 28, 2023 11:29 am ·

সামাজিক মাধ্যমত নিজৰ প্ৰেয়সীৰ যৌন সম্পৰ্কৰ গোপন ভিডিঅ’ বিয়পোৱাৰ ভাবুকি দি অৱস্থা কাহিল হ’ল এজন যুৱকৰ। ক্ষোভত প্ৰেমিকাই কাটি পেলালে প্ৰেমিকৰ যৌনাংগ।

যোৱা শনিবাৰে ইণ্ডোনেছিয়াৰ উত্তৰ সুমাত্ৰাৰ ছিবোলগা এখন হোটেলত সংঘটিত হয় এই ঘটনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সুমাত্ৰা ভ্ৰমণৰ সময়ত এই প্ৰেমিকপ্ৰেমিকাই এখন হোটেলত আশ্ৰয় হয়। তাতে যুৱকজনে প্ৰেয়সীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ বিচাৰে। কিন্তু প্ৰেমিকাই যৌন সম্পৰ্কৰ বাবে সন্মতি নিদিয়াৰ বাবে প্ৰেমিকে তেওঁলোকৰ পুৰণি যৌন সম্পৰ্কৰ ভিডিঅ’ অনলাইনত পোষ্ট কৰাৰ ভাবুকি দিয়ে। এনেদৰে ভাবুকি দিয়াৰ পিছতে ক্ষোভত যুৱতীগৰাকীয়ে খং কৰি প্ৰেমিকৰ লিংগ কাটি পেলায়।

আহত প্ৰেমিকৰ চিঞৰ শুনি হোটেলৰ কৰ্মচাৰীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান অত্যধিক ৰক্তক্ষৰণৰ বাবে তেওঁ আই চি ইউত আছে। জানিব পৰা মতে ইতিমধ্যে প্ৰেমিকাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষী বিষয়া টাৰিনো ৰাজাৰাজাই কয় যে, অভিযুক্তৰ বক্তব্যৰ ভিত্তিত জানিব পৰা গৈছে যে তেওঁলোকৰ মাজত প্ৰায় ৭ মাহ ধৰি সম্পৰ্ক আছিল। হোটেলত উপস্থিত হোৱাৰ পিছত যুৱকজনে প্ৰেমিকাৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা প্ৰকাশ কৰে। পিছে প্ৰেমিকাই অস্বীকাৰ কৰাৰ পিছত তেওঁলোকৰ পুৰণি যৌন সম্পৰ্কৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পাই দিয়াৰ ভাবুকি প্ৰদান কৰে প্ৰেমিকে।

হোটেলখনৰ কৰ্মী ইভি ৱাহিউনি ছিৰেগাৰে কয় যে এই কাণ্ডৰ আগলৈকে দম্পতীহালৰ কোঠাৰ পৰা কোনো ধৰণৰ শব্দ শুনা নাছিল।

Related News