• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তিনিচুকীয়াত মানৱ সৰবৰাহৰ চেষ্টা; উদ্ধাৰ ২৬ গৰাকী ছোৱালী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2025 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত সন্দেহযুক্ত মানৱ সৰবৰাহৰ চেষ্টা ব্যৰ্থ কৰা হৈছে। ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তামিলনাডুলৈ লৈ যোৱাৰ পৰা ৪ নাবালককে ধৰি ২৬ গৰাকী ছোৱালীক উদ্ধাৰ কৰা হয়।

বুধবাৰে মাজ নিশা ডিব্ৰুগড়ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে সতৰ্কতা জাৰি কৰাৰ পিছতে সমগ্ৰ উদ্ধাৰ অভিযানৰ সূচনা হয়। ফলত নিৰাপত্তাৰক্ষীয়ে ততাতয়াকৈ যৌথ অভিযান আৰম্ভ কৰে।

Apply Now

বিষয়াসকলে জনোৱা মতে, ডিব্ৰুগড় জংচনৰ পৰা ৰে’লত উঠি তামিলনাডুলৈ যোৱা জিতু দত্ত নামৰ এজন লোকে ছোৱালীকেইজনীক লৈ গৈছিল। নিয়মীয়া পৰীক্ষাৰ সময়ত ডিব্ৰুগড়ত আৰ পি এফৰ জোৱানসকলে তেওঁলোকৰ পৰিচয় পত্ৰত সন্দেহজনক অমিল লক্ষ্য কৰে। পৰিস্থিতিৰ গভীৰতা উপলব্ধি কৰি তেওঁলোকে লগে লগে তিনিচুকীয়াত থকা সংশ্লিষ্ট নিৰাপত্তাৰক্ষীসকলক সতৰ্ক কৰি দিয়ে, কিয়নো ইতিমধ্যে ৰে’লখন তাৰ পৰা গুচি গৈছিল।

নাম প্ৰকাশ কৰিব নিবিচৰা তিনিচুকীয়াৰ আৰ পি এফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, “ভুৱা পৰিচয় পত্ৰ লৈ যাত্ৰা কৰা কণমানি ছোৱালীৰ এটা দল সন্দৰ্ভত ডিব্ৰুগড় আৰ পি এফৰ পৰা জৰুৰীকালীন বাৰ্তা আহিছিল। সময় নষ্ট নকৰাকৈ আমি আমাৰ দলটোক সংগঠিত কৰিলোঁ। আমাৰ অগ্ৰাধিকাৰ আছিল প্ৰথমে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰা আৰু তাৰ পিছত তেওঁলোকৰ পৰিচয় আৰু ভ্ৰমণৰ উদ্দেশ্য পৰীক্ষা কৰা।”

নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচন পোৱাৰ লগে লগে আৰ পি এফে তিনিচুকীয়া জিলা আৰক্ষীৰ সৈতে ডবাটোক ঘেৰাও কৰি ২৬ গৰাকী ছোৱালীক সফলতাৰে উদ্ধাৰ কৰে। ততাতৈয়াকৈ সন্দেহজনক মূল ব্যক্তি জিতু দত্তক জিম্মাত লোৱা হয়। জেৰাত তেওঁ স্বীকাৰ কৰে যে আধাৰ কাৰ্ডসমূহ ভুৱা আৰু ছোৱালীকেইজনীক কাপোৰৰ কাৰখানাত চাকৰিৰ বাবে তামিলনাডুলৈ লৈ যোৱা হৈছিল।

আশ্চৰ্যজনকভাৱে কেইবাগৰাকীও ছোৱালীয়ে স্বীকাৰ কৰে যে তেওঁলোকৰ পৰিয়ালৰ লোকৰ এই যাত্ৰাৰ সন্দৰ্ভত কোনো জ্ঞান নাছিল। কোনোৱে কয় যে তেওঁলোকক প্ৰশিক্ষণ বা চাকৰিৰ সাক্ষাৎকাৰৰ বাবে লৈ যোৱা হৈছে বুলি কোৱা হৈছে, আনহাতে কোনোৱে নিজৰ চূড়ান্ত গন্তব্যস্থানৰ বিষয়ে একেবাৰেই অজ্ঞাত।

জিলা আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, “আমি সন্দেহ কৰোঁ যে এইটো কোনো বিচ্ছিন্ন কাণ্ড নহয়, বৰঞ্চ বৃহত্তৰ সৰবৰাহৰ নেটৱৰ্কৰ অংশ। প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰিব পাৰি যে মধ্যভোগীয়ে দুৰ্বল পৰিয়ালক লক্ষ্য কৰি নিজৰ কন্যাৰ বাবে চাকৰি বা প্ৰশিক্ষণৰ মিছা প্ৰতিশ্ৰুতি দি অসমৰ গ্ৰাম্য অঞ্চলত কাম কৰি আছে।”

কৰ্তৃপক্ষই অভিযুক্তৰ পৰা একাধিক ভুৱা আধাৰ কাৰ্ড, জাল ভ্ৰমণ নথি, আৰু অন্যান্য সন্দেহজনক সামগ্ৰী জব্দ কৰে। উজনি অসমৰ অধিকাংশ দুৰ্গম গাঁৱৰ পৰা অহা এই উদ্ধাৰ কৰা ছোৱালীকেইজনীৰ পৰিচয় আৰু ঘৰৰ ঠিকনা পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিষয়াসকলে।

ইয়াৰ পিছতে নাবালকসকলক অস্থায়ী আশ্ৰয় আৰু পৰামৰ্শ প্ৰদানৰ বাবে শিশু কল্যাণ বিষয়াসকলক নিয়োজিত কৰা হৈছে। প্ৰতিগৰাকী ছোৱালীৰ পৰিয়ালৰ সন্ধান উলিওৱা আৰু তেওঁলোকক নিৰাপদে উভতি যোৱাটো নিশ্চিত কৰাৰ বাবেও বিষয়াসকলে কাম কৰি আছে। বৰ্তমান অভিযুক্ত জিতু দত্তক মানৱ সৰবৰাহ, জালিয়াতি, শিশু সুৰক্ষা আইন সম্পৰ্কীয় একাধিক অভিযোগত আটক কৰি ৰখা হৈছে।

আৰ পি এফৰ আন এজন বিষয়াই কয়, ‘আমাৰ এলেকাৰ বাহিৰলৈ ৰে’লখন পাৰ হ’লে পৰিস্থিতি ভয়াৱহ হ’লহেঁতেন। দ্ৰুত সমন্বয় আৰু সজাগতাৰ বাবেই আমি এক ভয়ংকৰ ট্ৰেজেডীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিলো।”

এই ঘটনাৰ ফলত ৰে’ল ষ্টেচনত কঠোৰ নিৰীক্ষণ, দুৰ্বল সম্প্ৰদায়সমূহত উন্নত সজাগতা, চাকৰিৰ এজেণ্টৰ আঁৰত কাম কৰা সৰবৰাহকাৰীৰ চক্ৰ উৎখাতৰ জৰুৰী ব্যৱস্থাৰ দাবী উত্থাপিত হৈছে।

সংশ্লিষ্ট বিষয়াসকলে সৰবৰাহৰ চক্ৰৰ সম্পূৰ্ণ নেটৱৰ্ক উৎখাত কৰাৰ লক্ষ্যৰে অধিক তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd