ছোৱালীবোৰক মোবাইল ফোন দিয়াৰ বাবেই ধৰ্ষণ বাঢ়িছে! কোনে ক’লে এই কথা?

rraa

‘ছোৱালীবোৰৰ হাতত মোবাইল ফোন তুলি দিয়াৰ বাবেই দেশত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে।ধৰ্ষণৰ ঘটনা বৃদ্ধি সন্দৰ্ভত এনে অদ্ভুত মন্তব্য আগবঢ়ালে এগৰাকী বিশেষ মহিলাই।তেওঁ আকৌ সাধাৰণ কোনো মহিলাও নহয়।

তেওঁ হৈছে উত্তৰপ্ৰদেশৰ মহিলা আয়োগৰ সদস্যা। মীনা কুমাৰী নামৰ মহিলা আয়োগৰ সদস্যাগৰাকীয়ে দেশত ধৰ্ষণৰ ঘটনা বৃদ্ধিৰ বাবে ছোৱালীয়ে মোবাইল ফোন ব্যৱহাৰ কৰা কাৰ্যকে দায়ী কৰিলে।

আলিগড়ত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ সম্পৰ্কীয় এক শুনানি চলি থকাৰ সময়তে মহিলা আয়োগৰ সদস্যাগৰাকীয়ে কয় যে ছোৱালীবোৰক মোবাইল ফোন দিয়া উচিৎ নহয়।

মোবাইল ফোনত ছোৱালীয়ে অচিনাকী ল’ৰাৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে আৰু তেনে ল’ৰাৰ ফান্দত পৰি ল’ৰাজনৰ সৈতে পলাই যায়।

ইয়াৰ পিছতে তেওঁলোক যৌন নিৰ্যাতনৰ চিকাৰ হ’বলগীয়া হয়। এইক্ষেত্ৰত ছোৱালীবোৰৰ মাকসকলে বিশেষ নজৰ ৰখা দৰকাৰ বুলিও মীনা কুমাৰীয়ে মন্তব্য কৰে।

তেওঁ লগতে নিজে কৰা মন্তব্যৰ সমৰ্থনত তথ্য দাঙি ধৰি কয় যে উত্তৰ প্ৰদেশত নিতৌ সংঘটিত হোৱা ২০-২২ টা নাৰী নিৰ্যাতনৰ ঘটনাৰ আঁৰত ৫-৬ টা ঘটনাৰ বাবে মোবাইল ফোনেই দায়ী বুলি প্ৰমাণ পোৱা গৈছে।

ইপিনে মহিলা আয়োগৰ সদস্যাগৰাকীৰ এনে মন্তব্যকলৈ এতিয়া অস্বস্তিত পৰিছে আয়োগৰ আন সদস্যাসকল।উত্তৰ প্ৰদেশ মহিলা আয়োগৰ উপ-সভানেত্ৰী অনুজা ৰায়ে মীনা কুমাৰীৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে ছোৱালীৰ হাতত মোবাইল ফোন তুলি দিব নালাগে বুলি কোৱা কথা সমৰ্থনযোগ্য নহয়।

মূল কথাটো হৈছে কোনে কিদৰে মোবাইল ফোনৰ ব্যৱহাৰ কৰে সেয়াহে।মোবাইল ফোনটো সঠিক বাবে ব্যৱহাৰ কৰিলে ভয়ৰ কোনো কাৰম নাথাকে বুলিও তেওঁ মন্তব্য কৰে।