NORTHEAST NOW (Assamese)

শনিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে পুনৰ মুকলি হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

May 15, 2020 7:11 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটীৰ জিএমচিএইচ।

কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে পুনৰ মুকলি হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল।

স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ঘোষণা কৰিছে এই কথা।

দুগৰাকীকৈ কণিষ্ঠ চিকিৎসক ক্ৰমে ডাঃ লিথিকেশ আৰু ডাঃ দীপা ডেকাৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি পোৱাৰ পাছতে সাধাৰণ ৰোগীৰ চিকিৎসাৰ বাবে বন্ধ কৰি দিয়া হৈছিল চিকিৎসালয়খন।

চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰকে ধৰি লিথিকেশৰ সম্পৰ্কলৈ অহা প্ৰত্যেক চিকিৎসক-নাৰ্ছকে কুৱাৰেন্টাইন কৰা হৈছিল।

আজি GMCHৰ চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীৰ দুগৰাকীক বাদ কৰি মুঠ ২২০০ চেম্পল নিগেটিভ আহে।

GMCHৰ ১ আৰু ৫ নং হোষ্টেল দুটাও কণ্টেইনমেণ্ট জ’নৰ পৰা মুক্ত কৰা হৈছে বুলিও টুইটাৰত উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে।

আজি উপৰোক্ত বিষয় সমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ মন্ত্ৰী গৰাকী উপস্থিত হয় GMCHত।

Related News