• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জালত গোৱাৰ নাইটক্লাবৰ দুই মুখ্য স্বত্বাধিকাৰী; থাইলেণ্ডত আটক সৌৰভ আৰু গৌৰৱ লুথৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2025 2:29 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাইলেণ্ডলৈ পলাই গৈও কোনো লাভ নহ’ল। গোৱাৰ আৰপোৰাৰ অভিশপ্ত নাইটক্লাব ‘বার্চ বাই ৰোমিঅ’ লেন’-ৰ দুই মুখ্য স্বত্বাধিকাৰী সৌৰভ আৰু গৌৰৱ লুথৰাক থাই আৰক্ষীয়ে আটক কৰিছে। সেই সম্পৰ্কীয় ফটোও পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে থাইলেণ্ডৰ আৰক্ষীয়ে দুই ভাতৃৰ হাত বান্ধি ৰাখিছে আৰু লগতে তেওঁলোকৰ সৈতে পাছপৰ্টো ধৰি ৰখা হৈছে।

বুধবাৰে দিল্লীৰ লাজপতনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা ‘বার্চ বাই ৰোমিঅ’ লেন’-ৰ আন এজন অংশীদাৰ অজয় গুপ্তাক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান তেওঁক তদন্তকাৰীসকলে জেৰা চলাই আছে। ইয়াৰ সমান্তৰালভাৱে, লুথৰা ভাতৃদ্বয়ক বাগে অনাৰ বাবে গোৱা আৰক্ষীয়ে সকলো প্ৰচেষ্টা চলায়।

Apply Now

লুথৰা ভাতৃদ্বয়ৰ পাছপৰ্ট বাতিল কৰা হৈছিল আৰু তেওঁলোকৰ বিৰুদ্ধে ‘ব্লু-কৰ্ণাৰ নটিছ’ও জাৰি কৰা হৈছিল। ইয়াৰ মাজতে আজি (বৃহস্পতিবাৰে) পুৱা থাইলেণ্ডৰ পৰা খবৰ আহে যে সৌৰভ আৰু গৌৰৱক আটক কৰা হৈছে। সেই খবৰ পোৱাৰ পিছতেই, তেওঁলোকক ভাৰতলৈ ঘূৰাই আনিবলৈ গোৱা প্ৰশাসন তৎপৰ হৈ পৰে।

ইতিমধ্যে গোৱা আৰক্ষীৰ এটা দল থাইলেণ্ডৰ উদ্দেশ্যে ৰাওনা হৈছে। অহা ২৪ ঘণ্টাৰ ভিতৰত লুথৰা ভাতৃদ্বয়ক ভাৰতলৈ ঘূৰাই অনা হ’ব। আনহাতে, বৃহস্পতিবাৰে দুপৰীয়া দিল্লীৰ ৰোহিণী আদালতত লুথৰা ভাতৃদ্বয়ৰ আগতীয়া জামিন আবেদনৰ শুনানি আছে। সেই দিশতো তদন্তকাৰীসকলৰ দৃষ্টি আছে। চাৰিখন দেশত মুঠ ২২ টা ‘ৰোমিঅ’ লেন’ নামেৰে নাইটক্লাব আছে লুথৰা ভাতৃদ্বয়ৰ।

সৌৰভ আৰু গৌৰৱ মূলত দিল্লীৰ বাসিন্দা। যোৱা শনিবাৰে মাজ নিশা উত্তৰ গোৱাৰ আৰপোৰাত তেওঁলোকৰ নাইটক্লাবত যেতিয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ঘটে, ঠিক তেতিয়াই লুথৰা ভাতৃদ্বয় দেশ এৰি থাইলেণ্ডৰ ফুকেটলৈ পলাই যায় বুলি অভিযোগ উঠিছে। যদিও গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে স্পষ্ট কৰি দিছিল যে ইয়াৰ ফলত কোনো লাভ নহ’ব।

ইতিমধ্যে গোৱাত লুথৰা ভাতৃদ্বয়ৰ আন এখন নাইটক্লাবৰ অবৈধ নিৰ্মাণৰ অংশ প্ৰশাসনে ভাঙি পেলাইছে। বুধবাৰে গোৱাৰ মুখ্যমন্ত্ৰীয়ে জনায় যে পৰ্যটনৰ সৈতে জড়িত সকলো ধৰণৰ আন্তঃগাঁথনি অগ্নি সুৰক্ষা বিধি মানি চলিব লাগিব।যদি কোনো হোটেল, ৰিজ’ৰ্ট বা নাইটক্লাবে বিধি নামানে, তেন্তে ইয়াৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হ’ব।

বুধবাৰে উত্তৰ আৰু দক্ষিণ গোৱা জিলা প্ৰশাসন, আৰক্ষী আৰু পৰ্যটন ব্যৱসায়ীসকলৰ সৈতে সাৱন্তে এক বৈঠক অনুষ্ঠিত কৰে। বৈঠকৰ পিছত তেওঁ জনায় যে চৰকাৰে এটা ‘ফায়াৰ ছেফটি অডিট কমিটি’ গঠন কৰিছে। তেওঁলোকে সকলো আন্তঃগাঁথনি পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd