NORTHEAST NOW (Assamese)

গুৱাহাটী-কলকাতাৰ মাজত GoAir-এ আৰম্ভ কৰিব অতিৰিক্ত ৪খন বিমান

October 1, 2019 10:20 pm · এন ই নাও নিউজ

গুৱাহাটী-কলকাতাৰ মাজত GoAir-এ অতিৰিক্ত ৪খন বিমান আৰম্ভ কৰিব। অহা ৫ অক্টোবৰৰ পৰা চলিবলগীয়া নতুন বিমান কেইখনৰ ভাৰা ২০৩৯ টকাৰ পৰা আৰম্ভ হ’ব।

উক্ত বিমান ৪খনৰ চলাচল আৰম্ভ হ’লে মহানগৰ দুখনৰ মাজত চলাচল কৰা বিমানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পাব।

G8 248 বিমানখন পুৱা ৪:৫৫ বজাত কলিকতাৰ পৰা উৰা মাৰিব আৰু পুৱা ৬ বজাত আহি গুৱাহাটীত অৱতৰণ কৰিব। (বুধবাৰ আৰু দেওবাৰত উৰা মৰাৰ সময় পুৱা ৮.৩৫ আৰু অৱতৰণৰ সময় হ’ল পুৱা ৯.৩৫)

G8 252 বিমানখনে দিনৰ ১২.২৫ বজাত কলিকতাৰ পৰা উৰা মাৰিব আৰু গুৱাহাটী আহি পাবহি দিনৰ ১৩.৪০ বজাত।

G8 253 বিমানখন দিনৰ ১৪.৩৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু আৱেলি ১৫.৫০ বজাত কলিকতাত অৱতৰণ কৰিব।

G8 249 বিমানখনে পুৱা ১০.৩৫ বজাত গুৱাহাটীৰ পৰা উৰা মাৰিব আৰু কলিকতা গৈ পাব দিনৰ ১১.৫০ বজাত। এই বিমান কেইখন বুধবাৰ আৰু দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকি কেইটাদিনত চলাচল কৰিব।

গুৱাহাটী আৰু কলিকতাৰ মাজত নতুনকৈ আৰম্ভ কৰা অতিৰিক্ত ৪খন বিমানৰ সম্পৰ্কত GoAirৰ পৰিচালন সঞ্চালক জেহ ৱাডিয়াই এইয়া তেওঁলোকৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ এক অংশ বুলি কয়।

Related News