NORTHEAST NOW (Assamese)

বান বিধস্ত কৃষকক শালি ধানৰ কঠীয়া বিতৰণ গোৱালপাৰা জিলা কৃষি বিভাগৰ

August 17, 2019 6:58 am · নীলমণি শৰ্মা
ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰা জিলা কৃষি বিভাগে শুকুৰবাৰে কৃষ্ণাই বীজ পামত বানপীড়িত কৃষকৰ মাজত শালিধানৰ ( ৰঞ্জিত চাব-১) কঠীয়া বিতৰণ কৰে।

কঠীয়া বিতৰণ অনুষ্ঠান জিলা কৃষি বিষয়া প্ৰাণঞ্জিত বৰা, কৃষি বিভাগৰ সহকাৰী সঞ্চালক ইকৰামুল ইছলাম,গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক তথা কৃষি বিজ্ঞানী হীতু চৌধুৰীকে ধৰি বহু কেইবাগৰাকী কৃষি বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে, গোৱালপাৰা জিলা কৃষি বিভাগ আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত প্ৰকৃতিক দুৰ্যোগ ব্যৱস্থাপনা আচঁনিৰ অধীনত কৃষ্ণাই বীজ পামত প্ৰায় ৩৭০ বিঘা মাটিত কঠীয়া সিঁচিছিল।

ইপিনে, দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদতো প্ৰায় ৩০ বিঘা মাটিত কঠীয়া সিঁচিছিল বুলি জানিব পৰা গৈছে।

চলিত বৰ্ষৰ বাপানীত জিলাখনত প্ৰায় এক হেজাৰ আঠশ হেক্টৰ কৃষি শস্য নষ্ট হয়।

জিলাখনৰ বানপীড়িত কৃষকসকলৰ প্ৰয়োজনীয় কঠীয়া মজুত আছে বুলি জিলা কৃষি বিভাগে জানিবলৈ দিয়ে।

তদুপৰি, কঠীয়া বিচাৰিলে অসমৰ আন আন জিলাৰ কৃষককো দিয়াৰ বাবে জিলা কৃষি বিভাগ প্ৰস্তুত থকাৰ কথা সদৰী কৰে৷

উল্লেখ্য যে ৰঞ্জিত চাব ১ কঠীয়া বিধ ১৫/২০ বিশ দিনলৈ পানীৰ তলত থাকিলেও কৃষকে আশানুৰূপ উৎপাদন লাভ কৰিবলৈ সক্ষম হ’ব ৷

ইতিমধ্যে জিলা খনৰ বানবিধস্ত অঞ্চলৰ কৃষক সকলে কৃষ্ণাই কৃষি বীজ পামৰ পৰা কঠীয়া সংগ্ৰহ কৰিছে ৷

Related News