DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব পৰ্যটন দিৱস উপলক্ষ্যে অসম পৰ্যটন বিভাগৰ বিভিন্ন প্ৰতিযোগিতা; মুঠ ৩ লাখতকৈও অধিক টকা পুৰস্কাৰ হিচাপে লাভৰ সুযোগ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 17, 2019 6:57 am
Jayanta Malla Baruah

জয়ন্ত মল্ল বৰুৱা। উৎস-ইণ্টাৰনেট

2.4k
VIEWS
Share on FacebookShare on Twitter

অসম পৰ্যটন বিভাগৰ ব্ৰাণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে পৰ্যটন বিভাগৰ চুক্তি সমাপ্ত হোৱাৰ পাছতো অভিনেত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ৰে এবছৰলৈ প্ৰচাৰ চলোৱাৰ অধিকাৰ বিভাগৰ আছে বুলি শুকুৰবাৰে সংবাদ মেলত উল্লেখ কৰে জয়ন্তমল্ল বৰুৱাই।

গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম পৰ্যটন ভৱনত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি অসম পৰ্যটন বিভাগৰ অধ্যক্ষ বৰুৱাই বিভাগে Awesome Assam ৰ ভিত্তিত এখন প্ৰতিযোগিতা আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে।

আগন্তুক ‘বিশ্ব পৰ্যটন দিৱস’ উপলক্ষে অসমৰ পৰ্যটন স্থলীসমূহক কিদৰে বিশ্ব দৰবাৰত জিলিকাব পাৰি সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে বুলি বৰুৱাই জানিব দিয়ে।

উল্লেখ্য যে প্ৰতিযোগিতা খনি তিনিটা ভাগত অনুষ্ঠিত কৰা হ’ব৷ ছুটী ছবি, ফটোগ্ৰাফী আৰু লেখনি প্ৰতিযোগিতা৷

লগতে এই সকলো কেইটা বিভাগৰ বিষয়বস্তু পৰ্যটন বিভাগৰ অন্তৰ্গত হ’ব লাগিব  আৰু প্ৰতিযোগিতাখনত বিজয়ীসকলক পুৰস্কৃত কৰা হ’ব বুলিও জয়ন্ত মল্ল বুৰৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

প্ৰতিযোগিতাৰ চুটি ছবিসমূহৰ দৈৰ্ঘ্য ১ মিনিটৰ পৰা ৩ মিনিটৰ ভিতৰত হ’ব লাগিব আৰু লেখনিসমূহ ২০০ শব্দৰ ভিতৰত হ’ব লাগিব।

আগন্তুক ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰৰ ভিতৰত চুটি ছবি, ফটোগ্ৰাফী আৰু লেখনীসমূহ জমা দিব লাগিব।

প্ৰতিযোগিতাত বিজয়ীসকলক বিশ্ব পৰ্যটন দিৱসত বঁটা আৰু ধনৰ টোপোলা প্ৰদান কৰা হ’ব বুলি বৰুৱাই জানিবলৈ দিয়ে।

শ্ৰেষ্ঠ চুটি ছবিলৈ আগবঢ়োৱা হ’ব ১ লাখ টকা আৰু দ্বিতীয় আৰু তৃতীয়লৈ ক্ৰমে ৭৫ হাজাৰ আৰু ৫০ হাজাৰ টকা আগবঢ়োৱাৰ লগতে উদগনি পুৰস্কাৰ হিচাপে ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

আনহাতে লেখনি প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তলৈ ক্ৰমে ১০,০০০, ৭,৫০০ আৰু ৫০০ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব।

তদুপৰি, ফটোগ্ৰাফী প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতিয় আৰু তৃতীয় স্থানৰ পুৰস্কাৰ হিচাপে ক্ৰমে ২৫ হাজাৰ, ২০ হাজাৰ আৰু ১৫ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলৰো ফটো, চুটি ছবি, লেখনিসমূহ পৰ্যটকৰ সুবিধাৰ্থে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা হ’ব বুলিও জয়ন্ত মল্ল বৰুৱাই কয়।

প্ৰতিযোগিতাৰ সবিশেষ জানিবৰ বাবে অসম পৰ্যটন বিভাগৰ অফিচিয়েল ৱেবচাইট tourism.assam.gov.in

লৈ গৈ জানিব পাৰিব।

 

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd