NORTHEAST NOW (Assamese)

কৃষ্ণাইত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অব্যাহত : দলত্যাগৰ ভাবুকি কৰ্মীৰ

November 16, 2018 6:01 pm · নীলমণি শৰ্মা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাথিত্ব-কেন্দ্ৰিক সংঘাতে উত্তপ্ত কৰি তুলিছে গোৱালপাৰা জিলা কংগ্ৰেছৰ ভিতৰচ’ৰা৷ অদ্যপি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা নাই যদিও জিলাখনত প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াত গোপন ধনৰ লেন-দেন চলাৰ গুৰতৰ অভিযোগ উত্থাপিত হৈছে৷ তেনে এক অভিযোগক কেন্দ্ৰ কৰি আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

অভিযোগ অনুসৰি কৃষ্ণাই গাওঁ পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছৰ প্ৰাথিত্ব প্ৰত্যাশী আব্দুল আওৱাল পাৰমাণিকক বঞ্চিত কৰি আন এগৰাকী প্ৰাৰ্থীক টিকট দিয়াৰ যো-জা চলাইছে দলটোৰ শীৰ্ষস্থানীয় মহলে৷

এই কাৰ্যত ক্ষোভিত হৈ পাৰমাণিকৰ সমৰ্থকে আজি দুপৰীয়া কৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ প্ৰতিবাদকাৰী সকলে গোপন ধনৰ লেনদেন বন্ধ কৰি উপযুক্ত প্ৰাৰ্থী পাৰমানিকক টিকট দিয়াৰ দাবী কৰে অন্যথা তেওঁলোকে সদলবলে দলত্যাগৰ ভাবুকি দিয়ে৷

আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত আশুডুবী, বেদবাৰী, বিদ্যাপাৰা, চকুধোৱা, জামবাৰী, মাক্ৰিবড়ী আদি গাৱঁৰ দুই শতাধিক লোকে অংশ গ্ৰহণ কৰে৷

Related News