NORTHEAST NOW (Assamese)

নিজৰ পত্নী, পুত্রক হত্যা কৰি পলাতক হত্যাকাৰী

August 23, 2019 8:16 am · ছফিকুল আহমেদ
প্ৰতিনিধিত্বমূলক ফটো

গোৱালপাৰা জিলাৰ মাটিয়াৰ এজন লোকে তেওঁৰ পত্নী আৰু পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, বুধবাৰে নিশা পত্নী, পুত্ৰক হত্যা কৰি লোকজন পলাতক হৈ আছে।

আৰক্ষীয়ে জানিব দিয়ে যে জায়েদা ভানু (৩২) আৰু তেওঁৰ পুত্ৰ জমিৰুল ইছলামৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষীৰ থানাৰ অন্তৰ্গত ছিদাবাৰী কলিতাপাৰাত উদ্ধাৰ কৰা হৈছে।

জায়েদাৰ মৃতদেহটো মূৰটো থেতেলি যোৱা অৱস্থাত এটা পথৰ কালভাৰ্টৰ দাঁতিত তেজৰ ডোঙাত পৰি থকা উদ্ধাৰ কৰা হয়।

আনহাতে, তেওঁৰ পুত্ৰৰ মৃতদেহ ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হয়।

মৃত লোক দুজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে জায়েদাৰ পতি য়াকুব আলীয়ে হত্যাকাণ্ড দুটা সংঘটিত কৰিছে।

‘’য়াকুব আলীয়ে হত্যাকাৰী। তেওঁ জায়েদা আৰু পুত্ৰক প্ৰায় প্ৰতিদিনেই অত্যাচাৰ কৰিছিল,’’-মৃত লোক দুজনৰ এগৰাকী আত্মীয়ই অভিযোগ কৰে।

জায়েদাৰ পতি য়াকুব পলাতক হৈ আছে।

মৃত লোক দুজনৰ পৰিয়ালৰ লোকে মাটিয়া আৰক্ষী থানাত বৃহস্পতিবাৰে এখন এজাহাৰ দাখিল কৰে।

‘’আমি এক তদন্ত আৰম্ভ কৰিছো আৰু অতি সোনকালে হত্যাকাৰীক কৰায়ত্ত কৰাৰ আশা কৰিছো,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

Related News