গোৱালপাৰাৰ ম’ৰেল পুলিচিং কাণ্ডত জড়িত আৰু চাৰিজনক গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত সংঘটিত ম’ৰেল পুলিচিঙৰ ঘটনাত জড়িত আৰু চাৰিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয়।

বুধবাৰে পুৱতি নিশা গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোককেইজনক বিজয় ৰাভা, কিশোৰীমোহন ৰাভা, হেৰম্ব ৰাভা আৰু অৰ্জুন ৰাভা বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক গোৱালপাৰাত ম’ৰেল পুলিচিঙৰ ঘটনা; যুৱক-যুৱতীক উলংগ কৰি মাৰপিটৰ দৃশ্য ৰেকৰ্ডিং কৰি WhatsAppত ভাইৰেল

উল্লেখযোগ্য যে দেওবাৰে অসম-মেঘালয় সীমান্তৰ হাতীচোঙৰ গুৰিয়া বনাঞ্চলত এহাল যুৱক-যুৱতীক একাংশ লোকে অসৎ কাৰ্যত লিপ্তৰ থকাৰ অভিযোগ তুলি মাৰপিট কৰি গাৰ কাপোৰ খুলি পেলোৱাৰ লগতে সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল।

পিছত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে থানাত দিয়া গোচৰৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে উক্ত ঘটনাত জড়িত মূল তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক গোৱালপাৰাৰ ম’ৰেল পুলিচিঙৰ ঘটনা : তিনিজনক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বি)/৩৪ ধাৰা, POCSO আইনৰ ৮ নং ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ (এ) ধাৰাৰ অধীনত ২৪৮/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।