গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসনে শেহতীয়াকৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে কৃষ্ণাইৰ একাংশ চুপাৰী মজুতকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে জাননী জাৰি কৰা ঘটনাই অঞ্চলটোৰ ব্যৱসায় মহলত জোকাৰণিৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, যোৱা ১৩ জুলাইত উত্তৰ গুৱাহাটীৰ আৰক্ষী দল এটা গোৱালপাৰাৰ আৰক্ষীৰ সহযোগত কৃষ্ণাইৰ জাগ্ৰতৰ পৰাত শ্যেমল মিত্ৰ নামৰ চুপাৰী ব্যৱসায় এজনৰ ঘৰত বৃহৎ পৰিমাণৰ চোৰাং চুপাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
স্মৰ্তব্য যে গুৱাহাটীৰ গৌৰিপুৰৰ পৰা বাটতে হাইজেক হোৱা ট্ৰাক আৰু চুপাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই শ্যেমল মিত্ৰৰ ঘৰৰ পৰা অভিযান কাৰী দলটোয়ে মুঠ ৩৪৭ বেগ চুপাৰী জব্দ কৰিছিল।
জব্দ কৰাৰ চুপাৰীৰ মূল্য প্ৰায় এক কোটি টকাৰ৷ ঘটনাৰ পিছৰে পৰা এই পৰ্যন্ত পলাতক অৱস্থাত আছে শ্যেমল মিত্ৰ৷
বৃহৎ পৰিমানৰ চোৰাং চুপাৰী উদ্বাৰ হোৱাৰ পিছতে কৃষ্ণাইত অবৈধ চুপাৰীমজুত কাৰীৰ বিৰুদ্ধে সৰব হৈছে গোৱালপাৰাৰ আৰক্ষী৷
ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে কৃষ্ণাই আৰক্ষীয়ে ৯৫/২০ u/s ৪২০ ৰ অধিনত তদন্তৰ বাবে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷
ইতিমধ্যে আৰক্ষীয়ে কৃষ্ণাইৰ কেইবাজনো ব্যৱসায়ীৰ প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিবলৈ জাননীখনতে নিৰ্দেশ জাৰি কৰিছে৷
এক বিশেষ সূত্ৰই সংবাদ মাধ্যমত সদৰি কৰা মতে অধিকাংশ ব্যৱসায়ী নথিপত্ৰ অবিহনে চৰকাৰক ৰাজহ ফাকি দি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷
আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি সচেতন মহলে মতপোষণ কৰে। তদুপৰি আন একাংশ ব্যৱসায়ীয়ে গোৱালপাৰাৰ আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনাইছে৷