• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গছপুলি খাই ‘গ্ৰেপ্তাৰ’ হ’ল দুটা ছাগলী; এহেজাৰ টকাৰ চালান কাটিলে গৰাকীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 12, 2019 7:38 pm

1 min read

_9b557842-d54d-11e9-ab55-f69b78c5f02d

ফটো : হিন্দুস্তান টাইমছৰ সৌজন্যত

888
VIEWS
Share on FacebookShare on Twitter

দুটা ছাগলীক ‘গ্ৰেপ্তাৰ’ কৰিলে আৰক্ষীয়ে।শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা।

তেলেংগানাৰ কৰিমনগৰ জিলাৰ হুজুৰবাদ চহৰৰ আৰক্ষীয়ে ‘গ্ৰেপ্তাৰ’ কৰিছে দুটা ছাগলীক। ছাগলী দুটাই এটা স্থানীয় বেচৰকাৰী সংস্থাৰ কৰ্মীসকলে ৰোৱা গছপুলি খাইছিল।

‘’অপৰাধী’’ দুটাক ইয়াৰ গৰাকীয়ে ১,০০০টকাৰ জৰিমনা আদায় দিয়াৰ পাছতহে আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হয়।

হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি হুজুৰবাদৰ আৰক্ষী পৰিদৰ্শকে জানিবলৈ দিয়ে যে মঙলবাৰে ‘চেভ দ্য ট্ৰী’ছ’ নামৰ স্থানীয় বেচৰকাৰী সংস্থাটোৰ দুজন কৰ্মীয়ে দুটা ছাগলী কৰায়ত্ত কৰি আনি এক অভিযোগ দাখিল কৰে যে জন্তু দুটাই হুজুৰবাদ চৰকাৰী হাস্পাতলৰ টৌহদত ৰোৱা প্ৰায় ১৫০টা গছপুলি খাই পেলায়।

পৰিদৰ্শকজনে লগতে জানিবলৈ দিয়ে যে তেওঁলোকে আটক কৰি ৰখা ছাগলী দুটা গৰাকীয়ে বুধবাৰে ৰাতিপুৱা পৌৰ নিগম কৰ্তৃপক্ষক ১,০০০ টকা জৰিমনা আদায় দি আৰক্ষী থানাৰ পৰা মুকলি কৰি নিয়ে।

অৱশ্যে আৰক্ষী পৰিদৰ্শকগৰাকীয়ে কয় যে এয়া প্ৰকৃততে গ্ৰেপ্তাৰ নাছিল। আৰক্ষীয়ে এই সন্দৰ্ভত কোনো গোচৰ পঞ্জীয়নো কৰা নাই। কিয়নো ভাৰতীয় দণ্ডবিধিত জন্তুক ‘শাস্তি’ দিয়া বা ‘গ্ৰেপ্তাৰ’ কৰাৰ কোনো ধাৰা নাই।

আনহাতে, গৰাকীক ভৱিষ্যতে তেওঁৰ ছাগলী ৰাজহুৱা স্থানৰ বনানীকৰণ কৰা স্থানত যাতে চৰিবলৈ নিদিয়ে তাৰ বাবে সকীয়াই দিয়া হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd