• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে বছৰেই ঘোষণা হৈছিল তদন্ত! আগ নাবাঢ়িল ৰহস্যজনক কাৰণত : অখিল গগৈ

"লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে যোৱা বছৰ ঘোষিত তদন্ত আগ বঢ়া হ'লে প্ৰাণ বাচিল হেঁতেন শতাধিক লোকৰ"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2019 10:04 pm
Akhil Gogoi

গোলাঘাটৰ বিষাক্ত সুৰাৰ ঘটনাক লৈ সংবাদমেলত সৰৱ অখিল গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলা প্ৰশাসনে যোৱা বৰ্ষৰ ২৩ এপ্ৰিলৰ দিনা এক জাননী যোগে গোলাঘাটৰ ৰঙামাটিৰ লাল চন্দ্ৰ আগৰৱালা আৰু সুভাষ চাহু নামৰ দুজন অবৈধ লালিগুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল। কিন্তু তদন্তৰ নামত ‘ভেকো-ভাওনা’ চলালে আৰক্ষী-প্ৰশাসনে।  তদন্তৰ নামত জিলা প্ৰশাসনে একোৱেই নকৰা বুলি এক সংবাদমেলযোগে অভিযোগ তোলে অখিল গগৈয়ে।

উল্লেখযোগ্য যে, লালিগুৰৰ পৰাই প্ৰস্তুত কৰা হয় চুলাই-মদ। সেই চুলাই সেৱন কৰিয়েই যোৱা দুদিনত গোলাঘাট আৰু যোৰহাট জিলাত চৰকাৰী হিচাপমতেই প্ৰায় ১০০জন লোকে মৃত্যুক সাবটি ল’লে। বেচৰকাৰী হিচাপমতে মৃতকৰ সংখ্যা আৰু বেছি

Apply Now

গগৈয়ে সংবাদমেলত জানিবলৈ দিয়া মতে ৰঙামাটি অঞ্চলৰ সাধাৰণ ৰাইজে গোলাঘাট জিলা উপায়ুক্তক লালিগুৰৰ ব্যৱসায় চলাই থকা লোকৰ তালিকাৰ সৈতে বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। ৰাইজৰ হেঁচাত গোলাঘাট জিলা উপায়ুক্তই যোৱা বৰ্ষতে তদন্ত কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছিল যদিও তদন্তৰ নামত একো নহ’ল। দাবী অখিল গগৈৰ।

কৃষক মুক্তিৰ নেতাজনে গোলাঘাটৰ ৰঙামাটিৰ লাল আৰু সুভাষ নামৰ ব্যৱসায়ী দুজনৰ লালিগুৰৰ ব্যৱসায় এই কৰুণ ঘটনাটোৰ বাবে দায়ী বুলি স্পষ্ট অভিযোগ আনে। লগতে মেৰাপানীৰ অনিল গুপ্তা আৰু প্ৰদীপ গুপ্তা নামৰ লোক দুজনেও লাল আৰু সুভাষৰ সমান্তৰালকৈ সমগ্ৰ গোলাঘাট জিলাতে অবৈধভাৱে লালিগুৰৰ চিণ্ডিকেট চলাই আহিছে বুলি দাবী তোলে নেতাজনে।

লালিগুৰৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা এই চাৰিজন ব্যৱসায়ীক গোলাঘাট জিলা প্ৰশাসনে সুৰক্ষা দিয়াৰ অভিযোগ তুলি অখিল গগৈয়ে কয় “অতিৰিক্ত আৰক্ষী অধিীক্ষক ধ্ৰুৱজ্যোতি বৰা আৰু উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম বৰাই এওঁলোকৰ পৰা বৃহৎ অংকৰ ধন লৈ এওঁলোকক নিৰাপত্তা দি লালি গুৰৰ ব্যৱসায় চলাই থাকিবলৈ দিছে।”

ইয়াৰোপৰি, অবৈধ লালিগুৰৰ তদন্তৰ দায়িত্বত থকা গোলাঘাট থানাৰ আৰক্ষী উপ-পৰিদৰ্শক মৃগাংক কৃষ্ণ গগৈয়ে তদন্ত প্ৰক্ৰিয়াটো আগ নবঢ়োৱা বুলি সংবাদমেল যোগে অভিযোগ কৰে গগৈয়ে।

গগৈৰ অভিযোগমতে তদন্তৰ দায়িত্বত থকা আৰক্ষী উপ পৰিদৰ্শকগৰাকীয়ে ব্যৱসায়ীৰ পৰা টকা খাই লালিগুৰৰ চিণ্ডিকেট চলাই নিবলৈ দিছে।

Order for inquiry
তদন্ত কৰি ব্যৱস্থা লোৱাৰ বাবে গোলাঘাটৰ উপায়ুক্তই যোৱা বছৰ ২৪ এপ্ৰিলত দিয়া নিৰ্দেশটোৰ প্ৰতিলিপি।

আনহাতে, এই ঘটনাৰ সৈতে আবকাৰী বিভাগ, স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগ জড়িত হৈ আছে বুলি গুৰুতৰ অভিযোগ তুলি সংবাদমেলত কৃষক নেতাজনৰ প্ৰশ্ন, “চুলাই মদ নিষিদ্ধ কৰিবৰ বাবে কোনে ব্যৱস্থা গ্ৰহণ কৰিছে?”

গগৈৰ মতে “ব্ৰিটিছসকলে যেনেকৈ অসমীয়াক কানি খুৱাই নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। বিজেপিয়ে এতিয়া চুলাই মদ খুৱাই মানুহ মাৰিছে।”

ইপিনে, আবকাৰী বিভাগে কৰ সংগ্ৰহ কৰাতহে বেছিকৈ গুৰুত্ব আৰোপ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰি অখিল গগৈয়ে বিধান সভাৰ মজিয়াত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া তথ্য দাঙি ধৰে।

 অসম বিধান সভাত যোৱা ২১ ফেব্ৰুৱাৰিৰ দিনা বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া তথ্য অনুসৰি আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমে ২০১৪-১৫ বৰ্ষত ৬৬৫.৮১ কোটি, ২০১৫-১৬ বৰ্ষত ৭৯৯.৫১ কোটি ২০১৬-১৭ বৰ্ষত ৯৬৬.৩৩ কোটি, ২০১৭-১৮ বৰ্ষত ১১১৭.৬৪ কোটি ২০১৮-১৯(জানুৱাৰিলৈকে) ১০৯৩.৯৭ কোটি টকা।

আনহাতে, পূৰ্বতে ভাৰতৰ ভিন্ন ৰাজ্য যেনে তামিলনাডু, কৰ্ণাটক, গুজৰাট, উৰিষ্যা, বেংগলতো সুৰা ট্ৰেজেডি হৈছিল যদিও এনে বৃহৎ সংখ্যক লোকে মৃত্যুক সাবটি লোৱা নাছিল বুলি সংবাদমেলত গগৈয়ে কয়।

ইপিনে, এই ঘটনা অতিকৈ দুখজনক তথা হৃদয়বিদাৰক যদিও এয়া এক অপৰাধমূলক ঘটনা বুলি কয় কৃষক নেতাজনে। “স্বাধীনতাৰ পাছৰ অসমত এইটোৱেই আটাইতকৈ ডাঙৰ অপৰাধমূলক ঘটনা”, গগৈৰ দাবী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd