প্ৰথম পৰ্যায়ৰ ল’কডাউনৰ সমাপ্তিৰ পাছত দেশৰ লগতে ৰাজ্যত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ল’কডাউনৰ নীতি-নিৰ্দেশনাৰ মাজতে গোলাঘাটৰ জিলাৰ উপায়ুক্তই কেতবোৰ নিৰ্দেশৰ জৰিয়তে জিলাখনত বৈদ্যুতিক সামগ্ৰীৰ বিপনি, হাৰ্ডৱেৰ সামগ্ৰীৰ দোকান আৰু কিতাপৰ দোকানসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷
উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্তই কভিড-১৯-ৰ সংক্ৰমণৰ ৰেডজ’নত থকা জিলাখনত জাৰি কৰা এই নিৰ্দেশ মতে জিলাখনৰ সমূহ কিতাপৰ বিপনি ল’কডাউনৰ সময়চোৱাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে খুলিব পাৰিব ৷
একেদৰে, জিলাখনৰ হাৰ্ডৱেৰৰ বিপনি সমূহ প্ৰতি সপ্তাহৰ সোম, বুধ আৰু শুক্ৰবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে আৰু বৈদ্যুতিক সামগ্ৰীৰ দোকান সমুহ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে খোলাৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে ৷
আনহাতে, এই ক্ষেত্ৰত ব্যৱসায়ী সকলে ল’কডাউনৰ সকলো নীতি-নিৰ্দেশনা আৰু সামাজিক ব্যৱধান বজাই ৰখাৰ বাবেও নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷
মনকৰিব লগীয়া যে, জিলাখনৰ দেৰগাঁও আৰু বোকাখাত মহকুমাৰ মাজেৰে যোৱা ৩৭ ৰাষ্ট্ৰীয় ঘাইপথটো মহকুমাৰ বাবে অন্যতম ভয়ৰ কাৰণ।
ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হৈ যোৱা যান-বাহনৰ বাবে বিপনি সমূহ বিশেষকৈ হোটেল সমুহ ল’কডাউনৰ মাজত খুলি দিলে হিতে বিপৰীত হোৱাৰো সম্ভাৱনা নোহোৱা নহয় ৷
গোলাঘাট জিলাক কভিদ-১৯-ৰ বাবে ৰেড জ’ন ঘোষণা কৰিলেও বোকাখাত মহকুমাত এতিয়ালৈকে কভিড-১৯-ত আক্ৰান্ত এজনো ৰোগী পোৱা হোৱা নায়।
তদুপৰি, এই ক্ষেত্ৰত কঠোৰ সকলো প্ৰকাৰৰ নিৰীক্ষণ অব্যাহত ৰাখিছে বোকাখাতৰ মহকুমা প্ৰশাসনে ৷