DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম! গোলাঘাটত মেগা ভেকচিনেশ্যন অভিযানৰ প্ৰথম দিনাই ১২,৮৯৯ পালি প্ৰতিষেধক প্ৰদান

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 22, 2021 12:08 pm
Golaghat vaccinatin drive
170
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাত সোমবাৰৰে পৰা দৈনিক কমেও ১২ হাজাৰ লোকক ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি আজি জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা ৬২ টা কেন্দ্ৰত বিভিন্ন বয়সৰ লোকক ১২,৮৯৯ পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।

ইয়াৰে ১২,৭৮৬ টা প্ৰথম পালি আৰু ১১৩টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয়।

সোমবাৰে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহৰ ভিতৰত ২৯ টা কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হৈছিল। ইয়াৰে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বোকাখাত ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৮ টাকৈ কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হয়।

একেদৰে মিছামৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৩খন চাহ বাগিচাক সামৰি লোৱা হয়। কমাৰবন্ধা আলি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫ খন চাহ বাগিচা আৰু চাৰিঙিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৫ খন চাহ বাগিচাত ক’ভিড- ১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয়।

গোলাঘাট নগৰত স্থাপন কৰা ৩টা কেন্দ্ৰত  প্ৰতিষেধক প্ৰদান কৰা হয় । বিভিন্ন কেন্দ্ৰত ৰাইজে প্ৰতিষেধক গ্ৰহণৰ প্ৰতি ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি প্ৰতিষেধক প্ৰদানৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা প্ৰশাসনে দৈনিক বৃহৎ সংখ্যক লোকক প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা কৰিছে।

ইতিমধ্যে ৰাজ্য চৰকাৰে গোলাঘাট জিলাৰ বাবে দৈনিক ১০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে যদিও জিলা প্ৰশাসনে ১২ হাজাৰ লোকক দৈনিক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে।

সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্ধৰ লোকক চৰ্তহীনভাৱে  যিকোনো পালি প্ৰতিষেধক প্ৰদান কৰা হ’ব। জিলা প্ৰশাসনে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি পুনৰ আহ্বান জনাইছে।

ইফালে সোমবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলাখনৰ কমাৰবন্ধা আলি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মক্ৰং চাহ বাগিচা আৰু চ’কিটিং চাহ বাগিচাত স্থাপন কৰা ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে।

Tags: COVID-19

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd