DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৌৰ সভাৰ অধীনৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা প্ৰশাসন

বাৰে বাৰে জাননী পোৱাৰ পাছতো কৰ আদায় নিদিয়া ব্যৱসায়ীৰ বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ, বাজেয়াপ্ত কৰা হ'ব সম্পত্তি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 3, 2021 8:10 am
IMG-20210602-WA0054

ফটো: নৰ্থইষ্ট নাও।

178
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে বুধবাৰে গোলাঘাট পৌৰ সভাৰ কাৰ্যালয়ত পৌৰ সভাৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

তেওঁ সভাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ নিম্নগামী হোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে পৌৰ সভা এটা স্বতন্ত্ৰ সংস্থা। সেয়েহে চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি কৰ সংগ্ৰহ ব্যৱস্থাটোক অধিক সক্ৰিয় কৰিব লাগিব{

তেওঁ পৌৰ সভাৰ পৰা জাননী লাভ কৰাৰ পাছতো কৰ আদায় নিদিয়া লোকসকলৰ নাম ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে প্ৰয়োজন হ’লে অত্যধিক পৰিমাণৰ কৰ আদায় নিদিয়াকৈ থকা লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব লাগিব।

ইতিমধ্যে জাননী পোৱাৰ পাছতো কৰ দিবলৈ বাকী থকা লোকসকলৰ নাম জাননী ব’ৰ্ডত লিখি কাৰ্যালয় চৌহদত আঁৰি থ’বলৈ তেওঁ নিৰ্দেশ দিয়ে।

তেওঁ ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাছত অহা জুলাই মাহৰ পৰা কৰ আদায় নিদিয়া ব্যৱসায়ী আৰু অন্য লোকসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে,  ইতিমধ্যে ছীল কৰি থোৱা দোকান বা ব্যৱসায় প্রতিষ্ঠানসমূহ অতি শীঘ্ৰে নিলাম কৰি অন্য লোকৰ নামত আৱন্টন দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

যিসকল ব্যৱসায়ী বা অন্য লোকে বাৰে বাৰে জাননী জাৰি কৰাৰ পাছতো পৰিষদৰ ওচৰত কৰসমূহ আদায় দিয়া নাই তেনে ব্যৱসায়ীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

তেওঁ কয় যে ৰাইজৰ বাবে ২৪ ঘণ্টাই সেৱা আগবঢ়োৱা পৌৰ সভাৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি যিসকল ব্যৱসায়ী আৰু অন্য লোকে দিবলগীয়া ন্যূনতম কৰো আদায় দিয়া নাই তেওঁলোকে অতি সোনকালে কৰ আদায় দিব লাগিব।অন্যথা আইন অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

আনহাতে, গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে পৌৰকর্মী তথা চাফাই কৰ্মীসকলক সক্ৰিয়ভাৱে কাম কৰি যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

উপায়ুক্তগৰাকীয়ে নগৰখনৰ ১৩ নম্বৰ ৱাৰ্ড পৰিদৰ্শন কৰি ষ্ট্ৰীট লাইটৰ বৰ্তমানৰ স্থিতিৰো বুজ লয়।

Recent News

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd