NORTHEAST NOW (Assamese)

মহিলাৰ ভেশ ধৰি আহি আদালতত আত্মসমৰ্পণ গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জজৌৰ

June 13, 2019 8:05 pm · এন ই নাও নিউজ

মহিলাৰ ভেশ ধৰি আহি আজি গোলাঘাটৰ মুখ্য ন্যায়িক আদালতত আত্মসমৰ্পণ কৰে গোলাঘাট জিলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া জজৌ ওৰফে মৃণাল গগৈয়ে।

উল্লেখযোগ্য যে যোৱা দেওবাৰে গোলাঘাট জিলাৰ চানমাৰীৰ বাসিন্দা তথা মেধাৱী ছাত্ৰ সঞ্জীৱ গোস্বামীয়ে ড্ৰাগছ মাফিয়াৰ কবলত পৰি মৃত্যুক সাবটি লৈছিল।

ইয়াৰ পিছতে সঞ্জীৱৰ মাতৃ ৰুণু গোস্বামীয়ে ড্ৰাগছ মাফিয়া জজৌ ওৰফে মৃণাল গগৈয়ে আন কেইজনমানৰ লগত মিলি তেওঁৰ পুত্ৰক হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰি গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক http://ড্ৰাগছ মাফিয়াৰ কৱলত পৰি মৃত্যুক সাৱটিলে ২৫ বছৰীয়া যুৱকে

মাতৃ ৰুণু গোস্বামীৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই অকণি গগৈ আৰু ভাৰতী গগৈ নামৰ দুজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু ঘটনাৰ মূল অভিযুক্ত জজৌ ওৰফে মৃণাল গগৈ পলাতক অৱস্থাত আছিল। আৰক্ষীয়েও জজৌৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল।

অৱশেষত আজি হঠাৎ গোলাঘাট জিলাৰ মুখ্য ন্যায়িক আদালতত জজৌৱে মহিলাৰ ভেশ ধৰি আহি আত্মসমৰ্পণ কৰে।

Related News