NORTHEAST NOW (Assamese)

গোলাঘাটৰ দীঘলীপামত ৩০ টা অবৈধ ঘৰুৱা গেছ চিলিণ্ডাৰ জব্দ

May 11, 2021 7:29 am · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

এপিনে ক’ভিড-১৯ অতিমাৰী, আনপিনে সোমবাৰৰ পৰা এল পি জি ট্ৰেন্সপৰ্টাৰ এছ’চিয়েছনে অনিৰ্দিষ্টকালীন ঘৰুৱা গেছ সৰবৰাহ বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে।

ক’ভিড অতিমাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ এনে জটিল সময়ত ভূতৰ ওপৰত দানহ পৰাদি অবৈধ গেছ ব্যৱসায়ীও যেন অধিক সক্ৰিয় হৈ পৰিছে অত্যাধিক মূল্যত অবৈধ গেছ বিক্ৰী কৰি অধিক মুনাফা লাভৰ আশাত।

সোমবাৰে গোলাঘাট যোগান বিভাগৰ বিশেষ তৎপৰতাত দুজন অবৈধ ব্যৱসায়ীৰ লগতে ক’লা বজাৰত বিক্ৰীৰ বাবে অনা ৩০ টা  ঘৰুৱা গেছ চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হ’য়।

ধৃত ব্যৱসায়ী দুজন হৈছে দেৰগাওঁ দীঘলীপামৰ কামালুদ্দিন আহমেদ আৰু ৰেশমা বেগম। এল পি জি কন্ট্ৰ’ল অৰ্ডাৰ অৱ ই চি এক্ট ১৯৫৫ৰ  অধীনত এই গেছৰ চিলিণ্ডাৰ সমূহ জব্দ কৰিছে।

চৰকাৰী সূত্ৰ মতে প্ৰতিটো চিলিণ্ডাৰৰ ওজন প্ৰায় ১৪.২ কেজি বুলি জানিব পৰা গৈছে।

Related News