মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চলাহী কথাত ভোল গৈ নগুৰ-নাগতি হ’ল এজাক মহিলাৰ , ক’ত?
হিমন্ত বিশ্ব শৰ্মাৰ এষাৰ কথাত ভোল গৈ এতিয়া অথন্তৰ চপাই লৈছে এজাক মহিলাই।
হিমন্তৰ কথাষাৰ শুনাৰ পিছতে এতিয়া গোলাঘাটত দলে বলে ওলাই আহিছে মহিলাসকল ।
মহিলা সকলে সদলবলে ওলাই আহি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হৈছে আৰু হিমন্ত বিশ্বৰ কথা সঁচা নহয় বুলি এক প্ৰকাৰ নিশ্চিত হোৱাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে ।
গোলাঘাটৰ ৰাজপথলৈ কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই অহা নাই মহিলা সকল।
মহিলা সকলে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰিছে ধৰ্ণা কাৰ্যসূচী।
নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেঞ্চৰ ধাৰ পৰিশোধ কৰিব নোৱাৰা মহিলা সকলৰ ধাৰ পৰৱৰ্তী সময়ত চৰকাৰে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰাৰ পাছতেই এতিয়া দলে বলে মহিলা সকলে ভিৰ কৰিছেহি উপায়ুক্ত কাৰ্যালয়ত।
মহিলা সকলে হাতে হাতে লৈ অহা ঋণ ৰেহাইৰ আবেদন উপায়ুক্তৰ কাৰ্যালয়ে গ্ৰহণ নকৰাৰ বাবেই উত্তেজিত হৈ পৰে মহিলা সকল।
নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিৰ্বাচনী অধিসূচনাৰ কোনো নীতি নিয়মক গুৰুত্ব নিদি মহিলা সকলে ঋণ ৰেহাইৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত ভিৰ কৰা কাৰ্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।
মন্ত্ৰী হিমন্ত বিশ্বৰ কথা শুনি এনেদৰে নগুৰ-নাগতি হ’বলগীয়া হোৱাত মহিলাসকলৰ মন এতিয়া টেঙাই যোৱা পৰিলক্ষিত হৈছে।